গুৱাহাটী, 14 ফেব্ৰুৱাৰী:স্বাস্থ্য পৰীক্ষাৰ পাচত দিছপুৰ থানালৈ অনা হ'ল নিপু কলিতাক । বৰ্তমান দিছপুৰ আৰক্ষী আৰু অপৰাধ শাখাই জেৰা অব্যাহত ৰাখিছে নিপু কলিতাক ।
উল্লেখযোগ্য যে , ১৫ জানুৱাৰীত নেপালৰ পৰা সৰবৰাহ হোৱা চোৰাং সোণৰ বিস্কুটৰ তথ্য লাভ কৰিছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিপু কলিতাই ।পৰৱৰ্তী সময়ত সোণ সৰবৰাহকাৰী কেইজনক বলপূৰ্বক গাড়ীত উঠাই লৈ ৬০ টা সোণৰ বিস্কুট নিজে হস্তগত কৰিছিল ।