বকো, ৭ ফেব্ৰুৱাৰী: নিৰ্বাচন সমাগত । সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি উঠি পৰি লাগিছে সকলো । বিভিন্ন উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰ ৰাইজৰ মন আকৰ্ষিত কৰিবলৈ উঠি পৰি লাগিছে শাসকীয় দলে । দেওবাৰে কামৰূপ জিলাৰ বকো সমষ্টিতো উন্নয়নমূলক কামৰ শুভ উদ্বাধনী কৰে ।
বকো সমষ্টিৰ অন্তৰ্গত ৭৬ নং দক্ষিণ পশ্চিম লুকী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৮ নং আৰু ৪ নং ৱাৰ্ডত ২০২০-২১ বিত্তীয় বৰ্ষৰ এমজিএনৰেগা আঁচনিৰ জৰিয়তে ২ নং শাখাত, কথবৰি গাঁৱত ৮.৪৭ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পথচোৱা আৰু ৮.৫৭ লাখৰ পেটা ভোকলা নদীৰ পাৰ বান্ধ, তেলছালিত নিৰ্মিত হ'বলগীয়া কামৰ শুভাৰম্ভ কৰা হয় ।
এই কামসমূহৰ আধাৰশিলাৰ শুভ উদ্বোধন কৰে কামৰূপ জিলা পৰিষদৰ সদস্য সভাৰাম ৰাভাই । দেওবাৰৰ দিনযোৰা কাৰ্যসূচীত ৰাভাৰ লগত উপস্থিত থাকে বন্দাপাৰা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক তথা স্থানীয় ৰাইজ আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ।
লগতে পঢ়ক:গোলকগঞ্জৰ আগমনিত ভয়ংকৰ অগ্নিকাণ্ড