ETV Bharat / state

আই আই টি গুৱাহাটীৰ তিনি শিক্ষাৰ্থীৰ অভিনৱ উদ্ভাৱন

author img

By

Published : Jun 11, 2020, 2:15 PM IST

বিমান যাত্ৰীক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰতিষ্ঠান খনৰ তিনিজন ছাত্ৰই মিলি উদ্ভাৱন কৰিছে FLYZY নামৰ এটা বিশেষ ম'বাইল এপ ৷

New invention by three students of IIT Guwahati
আই আই টি গুৱাহাটীৰ তিনি শিক্ষাৰ্থীৰ অভিনৱ উদ্ভাৱন

গুৱাহাটী, 11 জুন: আই আই টি গুৱাহাটীৰ তিনি শিক্ষাৰ্থীৰ অভিনৱ উদ্ভাৱন ৷ বিমান যাত্ৰীক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰতিষ্ঠান খনৰ তিনিজন ছাত্ৰই মিলি উদ্ভাৱন কৰিছে FLYZY নামৰ এটা বিশেষ ম'বাইল এপ ৷ এই এপটোৰ জৰিয়তে প্ৰত্যক্ষ সম্পৰ্ক নৰখাকৈয়ে বিমান যাত্ৰী সকলে লাভ কৰিব পাৰিব বিভিন্ন সুবিধা ৷ প্ৰতিষ্ঠানখনৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ দিপক মিনা , ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ হংসৰাজ পেটেল আৰু এগৰাকী সহযোগী ছাত্ৰই উদ্ভাৱন কৰিছে এই ষ্টাৰ্টআপ এপটো ৷

এই এপৰ দ্বাৰা এয়াৰপ'ৰ্টৰ প্ৰায়সংখ্যক কামেই প্ৰত্যক্ষ সংযোগ অবিহনে কৰিব পৰা যাব বুলি দাবী কৰিছে উদ্ভাৱক ছাত্ৰগোটে । যাৰ ফলত কৰ'ণা মহাব্যাধিৰ সংক্ৰমণৰ পৰা বিমান যাত্ৰী সকলে সকাহ পাব বুলি প্ৰকাশ কৰে উদ্ভাৱক সকলে ৷ উল্লেখ্য যে, ইতিমধ্যেই এই FLYZY এপটোৱে গুৱাহটীৰ বৰঝাৰ বিমানবন্দৰকে ধৰি দেশৰ চাৰিটা বিমানবন্দৰৰ পৰা ব্যৱহাৰৰ বাবে অনুমতি লাভ কৰিছে ৷ এই কথা প্ৰকাশ কৰি এপটোক লৈ যথেষ্ট আশাবাদী বুলি প্ৰকাশ কৰিছে আই আই টি গুৱাহাটীৰ ডীণ তথা প্ৰফেচাৰ পি কে লায়াৰে ৷

লগতে পঢ়কঃ কাৰ হেমাহিত বাঘজানৰ অগ্নিকাণ্ড : তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.