ৰঙিয়া, ২০ আগষ্ট: সুদীৰ্ঘ ২৫ বছৰ ধৰি শিক্ষকতা কৰি মানৱ সম্পদ গঢ়াত অৰিহণা যোগাই অহা শিক্ষক বিনন্দ স্বৰ্গীয়াৰী(Binanda Swargiary)ক ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰিব ভাৰত চৰকাৰে । ৫ ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱসত দেশৰ ৪৪ গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব । শিক্ষা বিভাগে প্ৰকাশ কৰা তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ দুগৰাকী শিক্ষকৰ নাম । তেওঁলোক হৈছে বিনন্দ স্বৰ্গীয়াৰী আৰু কংকণ কিশোৰ দত্ত ।
শিক্ষক দিৱসত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে(President Ramnath Kovind) ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা প্ৰদান কৰিব । এই বঁটা লাভ কৰিব বুলি জানিব পাৰি আনন্দিত হৈ পৰিছে বিনন্দ স্বৰ্গীয়াৰী । কাউৰবাহা দেউলকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিনন্দ স্বৰ্গীয়াৰী এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাক লৈ ৰঙিয়াবাসীৰ লগতে সমগ্ৰ অসমবাসী গৌৰৱান্বিত হৈছে । কৃতি শিক্ষকগৰাকীক স্থানীয় সংগঠন আৰু বিভিন্ন লোকে সম্বৰ্ধনা জনাইছে ।
শিক্ষকগৰাকীয়ে বড়ো ভাষাত ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ উদ্দেশ্যে কেইবাখনো কিতাপ লিখি উলিয়াইছে । বিনন্দ স্বৰ্গীয়াৰীয়ে বড়ো ভাষাত চাৰিখন ম'টিভেশ্যনেল কিতাপ লিখিছে ।
লগতে তেওঁ শৈক্ষিক সজাগতা অনাৰ বাবেও তেওঁ কাম কৰি আহিছে । আনহাতে, বড়ো ছাত্ৰ সন্থাই আৰম্ভ কৰা মিছন কোৱালিটি এডুকেশ্যনৰ সৈতেও তেওঁ সক্ৰিয়ভাৱে জড়িত হৈ আছিল । সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ লগত কাম কৰা শিক্ষকগৰাকীৰ এই কৃতিত্বক লৈ উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী তথা আন শিক্ষক-শিক্ষয়িত্ৰীসকল । ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱেও দুয়োগৰাকী শিক্ষককে টুইটযোগে শুভকামনা জনাইছে ।