মিৰ্জা, ৩১ মে': কুম্ভকৰ্ণৰ নিদ্ৰাত থকা মিৰ্জা আবকাৰী বিভাগৰ অৱশেষত গা লৰিল । ধাৰাবাহিক ভাৱে বিভাগটোৰ বিৰুদ্ধে সংবাদ পৰিৱেশন হৈ থকাৰ ফলতে উপায়ন্তৰ হৈ অভিযান চলাই চুলাইসহ এজনক আটক কৰে । বৃহস্পতিবাৰে মিৰ্জাৰ বৰকুছিৰ পৰা এখন টাটা মেজিকত মিৰ্জা আবকাৰীয়ে প্ৰায় ১৪.৭০ লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে ঘটনাৰ লগত জড়িত মুনু দাস ওৰফে মুন্নাক আটক কৰি আদালতলৈ প্ৰেৰণ কৰে ।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মিৰ্জা আবকাৰী বিভাগৰ কৰ্মচাৰী সকলে অবৈধ সুৰা বেপাৰীৰ লগত মিতিৰালি কৰি অহাৰ ফলত দাঁতিকাষৰীয়া অঞ্চলসমূহতো গঢ়ি উঠিছিল অবৈধ সুৰাৰ ৰমৰমীয়া বেহা ।