ETV Bharat / state

বহি:ৰাজ্যৰ বনকৰা যুৱতীৰ ওপৰত নিৰ্যাতন চি আৰ পি এফ বিষয়াৰ - পৌৰি গৰৱাল জিলা

উত্তৰাখণ্ডৰ পৌৰি গৰৱাল জিলাৰ যুৱতীগৰাকী পলায়ন কৰি যোৰাবাট উৰণীয়া সেঁতুৰ তলত আশ্ৰয় লৈ থকা অৱস্থাত উদ্ধাৰ ।

বহি:ৰাজ্যত নিৰ্যাতিত অসমৰ যুৱতি
author img

By

Published : Apr 16, 2019, 11:37 PM IST

যোৰাবাট,১৬ এপ্ৰিলঃ পুনৰ বনকৰা যুৱতীৰ ওপৰত নিৰ্যাতনৰ ঘটনা । ৰাৱাট উপাধিৰ এগৰাকী যুৱতী মঙলবাৰে যোৰবাট উৰণীয়া সেঁতুৰ তলত উদ্ধাৰ হোৱাৰ পাচতেই পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা । চিআৰপিএফৰ পৰিদৰ্শক নিতু ৰাৱাটৰ কোৱাৰ্টাৰত বিগত এবছৰ ধৰি কাম কৰি থকা যুৱতীগৰাকীক দীৰ্ঘদীন ধৰি অকথ্য নিৰ্যাতন চলাই আহিছিল চিআৰপিএফ পৰিদৰ্শক নিতু ৰাৱাটে ৷ নিৰ্যাতন সহ্য কৰিব নোৱাৰি যুৱতীগৰাকীয়ে ন মাইল চিআৰপিএফ কেন্দ্ৰৰ পৰা মঙলবাৰে পলায়ন কৰে ৷ যুৱতীগৰাকীয়ে যোৰাবাট উৰণীয়া সেঁতুৰ সমীপত বহু সময় ধৰি অনাই-বনাই ঘূৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি যোৰাবাট আৰক্ষীক খবৰ দিয়ে ৷ উল্লেখযোগ্য যে, বনকৰা যুৱতীগৰাকী উত্তৰাখণ্ডৰ পৌৰি গৰৱাল জিলাৰ নিৱাসী বুলি জানিব পৰা গৈছে । পিতৃ-মাতৃৰ মৃত্যুৰ পিছত উত্তৰাখণ্ডত নিজ মামী শকুন্তলা দেৱীৰ ঘৰত আছিল যুৱতীগৰাকী । আনহাতে ১৫ বছৰ বয়সত চিআৰপিএফ পৰিদৰ্শক নিতু ৰাৱাটৰ ঘৰত কাম কৰাৰ বাবে ৰাখিছিল যুৱতীগৰাকীক ।

বহি:ৰাজ্যত নিৰ্যাতিত অসমৰ যুৱতি

আনহাতে যোৰৰাবাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ কোনো তদন্ত নকৰাকৈয়ে আন এগৰাকী চিআৰপিএফ বিষয়াৰ হাতত চমজাই দিয়ে যুৱতীগৰাকীক।

Intro:যোৰাবাটত উদ্ধাৰ এগৰাকী বনকৰা যুৱতী।

Body:চিআৰপিএফৰ পৰিদৰ্শকৰ ঘৰত বনকৰা হিচাপে নিয়োজিত আছিল যুৱতীগৰাকী। চিআৰপিএফৰ পৰিদৰ্শক নিতু ৰাৱাটৰ কোৱাৰ্টাৰত বিগত এবছৰ ধৰি কাম কৰি আছিল মমতা ৰাৱাট নামৰ যুৱতীগৰাকী। কিন্তু চিআৰপিএফ পৰিদৰ্শকগৰাকীয়ে অকথ্য নিৰ্যাতন চলাই আহিছিল বনকৰা যুৱতীগৰাকীক। যাৰ বাবে ন মাইল চিআৰপিএফ গ্ৰুপ কেন্দ্ৰৰ পৰা মংগলবাৰে পলায়ন কৰে বনকৰা যুৱতীগৰাকী। যুৱতীগৰাকী যোৰাবাট উৰণীয়া সেতুৰ সমীপত বহু সময় ধৰি অনাই বনাই ঘূৰি থকা দেখি স্থানীয় লোকে খবৰ দিয়ে যোৰাবাট আৰক্ষীক। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ কোনো তদন্ত নকৰাকৈ আন এগৰাকী চিআৰপিএফ বিষয়াৰ হাতত চমজাই দিয়ে যুৱতীগৰাকীক। উল্লেখযোগ্য যে বনকৰা যুৱতীগৰাকী উত্তৰাখণ্ডৰ পৌৰি গৰৱাল জিলাৰ নিৱাসী বুলি জানিব পৰা গৈছে। পিতৃ-মাতৃৰ মৃত্যুৰ পিছত উত্তৰাখণ্ডত নিজ মামী শকুন্তলা দেৱীৰ ঘৰত আছিল যুৱতীগৰাকী। আনহাতে ১৫বছৰ বয়সত চিআৰপিএফ পৰিদৰ্শক নিতু ৰাৱাটৰ ঘৰত কাম কৰাৰ বাবে ৰাখিছিল যুৱতীগৰাকীক।
Byte 1

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.