ETV Bharat / state

বৰ্হিঃৰাজ্যত নহয় অসমতে প্ৰস্তুত হ’ব মিনাৰেল ৱাটাৰ

আপোনালোক মিনাৰেল ৱাটাৰ দেখিছে ৷ আপোনালোকে প্ৰয়োজন অনুসৰি মিনাৰেল ৱাটাৰ ব্যৱহাৰ কৰি আহিছে ৷ কিন্তু এতিয়া মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীতে প্ৰস্তুত হ’ব বিশুদ্ধ খোৱাপানী অথবা মিনাৰেল ৱাটাৰ ৷

author img

By

Published : Jun 28, 2019, 5:15 PM IST

অসমতে প্ৰস্তুত হ’ব মিনাৰেল ৱাটাৰ

ৰাণী, 28 জুনঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত স্থাপন কৰা হৈছে হাইড্ৰপইণ্ট ইকো টেকনলজি নামেৰে এটা উদ্যোগ ৷ বিশিষ্ট ব্যৱসায়ী দেৱৰাজ দে, অনিল শৰ্মা আৰু স্থানীয় উদ্যমী যুৱ ব্যৱসায়ী নাৰায়ণ প্ৰসাদৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠে এই উদ্যোগটি । দীৰ্ঘদিন ধৰি নিৰ্মাণ কাৰ্যৰ অন্তত শুক্ৰবাৰে মাংগলিক কাৰ্যসূচীৰে পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শুভাৰম্ভণি কৰে এই উদ্যোগৰ ।

অসমতে প্ৰস্তুত হ’ব মিনাৰেল ৱাটাৰ

এই উদ্যোগটোৰ নিৰ্মাণকাৰ্যত ব্যয় কৰা হৈছে প্ৰায় এক কোটি টকা। এই উদ্যোগটোৱে ৰাণী অঞ্চলটোৰ লগতে ৰাজ্যৰ নিৱনুৱা যুৱক-যুৱতী সকলৰ সংস্থাপনৰ ক্ষেত্ৰতও এক আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰা হৈছে । উল্লেখ্য যে এই উদ্বোধনী কাৰ্যসূচীত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে অগপ নেতা পৰেশ বৰুৱা,প্ৰাক্তন জিলা পৰিষদৰ সদস্য ৰবিন দৈমাৰী,আঞ্চলিক পঞ্চায়তৰ পৰমেশ্বৰ বৰ্মন,স্থানীয় বিশিষ্ট ব্যক্তিৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে ।

Intro:ৰাণীত হাইড্ৰপইণ্ট ইকো টেকনলজি নামেৰে উদ্যোগ স্থাপন । Body:
Vo..মহানগৰীৰ পাৰ্শ্বৱৰ্তী ঐতিহাসিক বৃহত্তৰ ৰাণীত হাইড্ৰপইণ্ট ইকো টেকনলজি নামেৰে এক উদ্যোগ স্থাপন কৰা হয় । বিশিষ্ট ব্যৱসায়ী দেৱৰাজ দে , অনিল শৰ্মা আৰু স্থানীয় উদ্যমী যুৱ ব্যৱসায়ী নাৰায়ণ প্ৰসাদৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠে এই উদ্যোগটি । দীৰ্ঘদিন ধৰি নিৰ্মাণ কাৰ্যৰ অন্তত শুক্ৰবাৰে মাংগলিক কাৰ্যসূচীৰে পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দ্বাৰা শুভাৰম্ভণি কৰা হয় । ৰাণী সামুহিক স্বাস্থ্য কেন্দ্ৰৰ সম্মুখত আৰু ৰাণী আৰক্ষী চকীৰ পৰা মাত্ৰ আধা কিলোমিটাৰ দূৰত্বৰ এনইচি ( NEC ) ৰোডৰ কাষত স্থাপন কৰা এই উদ্যোগটি নিৰ্মানকাৰ্যত সম্পূৰ্ণ ব্যয় হৈছে প্ৰায় এক কোটি টকা । একমাত্ৰ বিশুদ্ধ খোৱাপানী ( মিনাৰেল ৱাটাৰ) প্ৰস্তুত কৰিবলগীয়া এই উদ্যোগটোয়ে ৰাণী অঞ্চলটোৰ নিৱনুৱা যুৱক-যুৱতি সকলৰ সংস্থাপনৰ ক্ষেত্ৰতও এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে । ব্যৱসায়িক ক্ষেত্ৰ খনত এই হাইড্ৰপইণ্ট ইকো টেকনলজিয়ে গ্ৰাহকক কোনো অসুবিধা নহোৱাকৈ উপযুক্ত মুল্যত বিশুদ্ধ খোৱাপানী যোগান ধৰিব বুলি উদ্যোগ কৰ্তৃপক্ষই জানিবলৈ দিয়ে । উল্লেখ্য যে এই শুভউদ্বোধনী কাৰ্যসূচীত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে অগপ নেতা পৰেশ বৰুৱা , প্ৰাক্তন জিলা পৰিষদৰ সদস্য ৰবিন দৈমাৰী , আঞ্চলিক পঞ্চায়তৰ পৰমেশ্বৰ বৰ্মন , স্থানীয় বিশিষ্ট ব্যক্তিৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে ।Conclusion:উল্লেখ্য যে এই শুভউদ্বোধনী কাৰ্যসূচীত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে অগপ নেতা পৰেশ বৰুৱা , প্ৰাক্তন জিলা পৰিষদৰ সদস্য ৰবিন দৈমাৰী , আঞ্চলিক পঞ্চায়তৰ পৰমেশ্বৰ বৰ্মন , স্থানীয় বিশিষ্ট ব্যক্তিৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.