ETV Bharat / state

মামণি ৰয়ছম গোস্বামীৰ এসময়ৰ সহায়িকা এতিয়া শয্যাশায়ী

author img

By

Published : Jun 20, 2021, 10:46 AM IST

Updated : Jun 20, 2021, 7:38 PM IST

জটিল ৰোগত আক্ৰান্ত, এসময়ত মামণি ৰয়ছম গোস্বামীৰ লগত ছাঁৰ দৰে লাগি থকা নিলিমা দাস ৷ ধনৰ অভাৱত বিচনাতেই পৰি থাকিব লগাত পৰিছে নিলিমা দাসে ৷ নিলিমা দাসৰ দুদৰ্শা দেখিও উপায়হীন হৈ পৰিছে পৰিয়ালৰ লোক ৷

ড৹ মামণি ৰয়ছম গোস্বামীৰ এসময়ৰ সহায়িকা এতিয়া শয্যাশায়ী

ৰঙিয়া, 20 জুন : এক জটিল ৰোগত আক্ৰান্ত হৈ বিছনাকেই সংগী কৰি লৈছে এগৰাকী মহিলাই ৷ এসময়ত মহিলাগৰাকীয়ে ছাঁৰ দৰে লাগি আছিল ড৹ মামণি ৰয়ছম গোস্বামীৰ ৷ মহিলাগৰাকীৰ নাম হৈছে নিলিমা দাস ৷ মামণি ৰয়ছম গোস্বামীৰ ব্যক্তিগত সহায়কাৰী হিচাপে চাৰি বছৰ কৰ্মৰত হৈ আছিল নিলিমা দাস ৷

বৰ্তমান জৰায়ুৰ এক জটিল ৰোগত আক্ৰান্ত হৈছে আছে মহিলা গৰাকী ৷ উপযুক্ত চিকিৎসা আৰু আৰ্থিক সংকটৰ ফলত ঘৰতে পৰি থাকিব লগীয়া হৈছে এসময়ৰ মামণি ৰয়ছম গোস্বামীৰ ব্যক্তিগত সহায়িকা নিলিমা দাস ৷ উল্লেখ্য যে, আৰ্থিক সংকটত জুৰুলা হোৱা মহিলা গৰাকীৰ পৰিয়াল এতিয়া অপাৰগ নিলিমা দাসক উপযুক্ত চিকিৎসা কৰিবলৈ ৷ সামান্য ঔষধ এটা আনিবলৈয়ো হাতত ফুটাকৰি এটাও নাই নিলিমাৰ পৰিয়ালৰ কাষত ৷মামণি ৰয়ছম গোস্বামীৰ এসময়ৰ সহায়িকা এতিয়া শয্যাশায়ী

বিচনাত পৰি এতিয়া মৃত্যুৰ ক্ষণ গণিছে নিলিমা দাসে ৷ নিলিমা দাসৰ দুদৰ্শা দেখিও উপায়হীন পৰিয়ালৰ লোক ৷

নিলিমা দাসৰ পৰিয়ালে সদৰি কতৰা অনুসৰি, কিছু মাহ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়(GMCH)ত এটা অস্ত্ৰোপচাৰ হৈছিল নিলিমা দাসৰ ৷ অস্ত্ৰোপচাৰৰ কিছু দিন পাচৰ পৰাই নিলিমা দাসৰ পেটত পানী জমা হ’বলৈ ধৰে ৷ কিয় হঠাৎ নিলিমা দাসৰ পেটত পানী জমা হৈছে সেই সম্পৰ্কে চিকিৎসকেও সঠিক কৈ কব’লৈ পৰা নাই ৷

নিলিমা দাসৰ পেটত পানী জমা হোৱাৰ ফলত উঠা-বহা কৰিব নোৱাৰা হৈ পৰিল ৷ বৰ্তমান সঘনে পেটৰ বিষত চট-ফটাই থাকিব লগাত পৰিছে নিলিমা দাসৰ ৷ এক প্ৰকাৰে শৰীৰেও লগ এৰাৰ দৰে উপক্ৰম হৈছে নিলিমাৰ ৷

ড৹ মামণি ৰয়ছম গোস্বামীৰ এসময়ৰ সহায়িকা এতিয়া শয্যাশায়ী
মামণি ৰয়ছম গোস্বামীৰ এসময়ৰ সহায়িকা এতিয়া শয্যাশায়ী

উল্লেখ্য যে, কোনোমতে দিন হাজিৰা কৰি পৰিয়ালটোৰ বাবে অন্নমুঠি যোগাৰ কৰা নিলিমাৰ পিতৃ ৷ ইতিমধ্যে পৰিয়ালটোৱে নিলিমাৰ চিকিৎসাৰ বাবে যথেষ্ট অৰ্থ ব্যয় কৰিছে ৷ কিন্তু এতিয়া অসহায় হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো ।

এসময়ত মামণি ৰয়ছম গোস্বামীৰ লগতে ছাঁৰ দৰে লাগি থকা নিলিমাই এতিয়া ৰোগশ্যাত পৰি মামণি বাইদেউলৈ মনত পেলাই আবেগিক হৈ থাকে । শৰীৰৰ অসহনীয় বেদনাৰ মাজতো মামণি ৰয়ছম গোস্বামীৰ কথা মনত পেলাই আবেগিক হৈ পৰে ৷

নিলিমা দাসে কয় যে, ‘আজি যদি মামণি বাইদেউ থাকিল হেতেন, তেতিয়া হ’লে তেওঁৰ এনে দশা হ’বলৈ নিদিলেহেতেন’ । ইফালে চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ এখনো আঁচনিয়ে ঢুকি পোৱা নাই নিলিমাক ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে নিলিমাৰ পৰিয়াল ৷

ৰাজ্য চৰকাৰ তথা ৰঙিয়াৰ বিধায়ক গৰাকীলৈ নিলিমাৰ লগতে নিলিমা দাসৰ পৰিয়ালৰ আহ্বান, সহায় কৰক নিলিমাক ৷

লগতে পঢ়ক: মাজুলীত স্বেচ্ছাসেৱী সংগঠন WARRIORS ৰ প্ৰশংসনীয় প্ৰদক্ষেপ

Last Updated : Jun 20, 2021, 7:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.