ETV Bharat / state

ভোগালীক আদৰাৰ প্ৰস্তুতি ৰঙিয়াত - ভিন্ন জাতি-জনগোষ্ঠীৰ লোক থকা এই নিউ কলনিত অসমীয়া যুৱকৰ সৈতে অনাঅসমীয়া যুৱকেও মেজি সাজি

ৰঙিয়াৰ নিউ কলনিত ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি । ভিন্ন জাতি-জনগোষ্ঠীৰ লোক থকা এই নিউ কলনিত অসমীয়া যুৱকৰ সৈতে অনা অসমীয়া যুৱকেও মেজি সজা কাৰ্যত অংশগ্ৰহণ কৰিছে ৷

ভোগালীক আদৰাৰ প্ৰস্তুতি ৰঙিয়াত
ভোগালীক আদৰাৰ প্ৰস্তুতি ৰঙিয়াত
author img

By

Published : Jan 11, 2021, 10:15 AM IST

ৰঙিয়া,১১ জানুৱাৰী: চেনেহৰ ভোগালী বিহু এতিয়া দুৱাৰডলিত । ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ দুটা দিন । কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যৰ চুকে-কোণে এতিয়া সকলোৱে বিহুৰ প্ৰস্তুতিত মগ্ন । পথাৰত মেজি সজাৰ পৰা আদি কৰি ব্যাপক প্ৰস্তুতি চলাইছে অসমবাসীয়ে । সমান্তৰালকৈ ৰঙিয়াতো ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দেখা গৈছে । বিগত লক ডাউনৰ সময়ছোৱাত ৰঙালী বিহুটি ভালদৰে উদযাপন কৰিব নোৱাৰাত এইবাৰ ভোগালীক আনন্দ উলাহেৰে পালন কৰিবলৈ আগবাঢ়িছে সকলো । ৰঙিয়াৰ নিউ কলনিৰ ৰেলবিভাগত কৰ্মৰত যুৱকসকলেও চাংঘৰ সদৃশ ভেলাঘৰ, পৰম্পৰাগত অসমীয়া মেজি নিৰ্মাণ কৰাৰ উপৰিও চেনেহৰ ভোগালীত সকলোৱে মিলি লগে ভাগে এসাজ খোৱাৰ প্ৰস্তুতি চলাইছে ।

ভোগালীক আদৰাৰ প্ৰস্তুতি ৰঙিয়াত
ভোগালীক আদৰাৰ প্ৰস্তুতি ৰঙিয়াত

উল্লেখ্য যে, ভিন্ন জাতি-জনগোষ্ঠীৰ লোক থকা এই নিউ কলনিত মেজি সজাকলৈ সকলোৰে মাজত দেখা গৈছে উৎসাহ । অসমীয়া যুৱকৰ সৈতে অনা অসমীয়া যুৱকেও মেজি সাজিবলৈ আগবাঢ়িছে । বহিঃৰাজ্যৰ অনা অসমীয়া লোকসকলক অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে অসমীয়া যুৱকসকলে এই প্ৰচেষ্টা হাতত লোৱা বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাই কৰা ভুলৰ পৰিণাম এদিন তেওঁ ভোগ কৰিব : ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.