ETV Bharat / state

ছয়গাওঁ আৰক্ষীয়ে জব্দ কৰিলে অবৈধ বিলাতী সুৰা - ছয়গাওঁ আৰক্ষী

শুকুৰবাৰে নিশা আৰক্ষীৰ অভিযান । অভিযানত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা । জব্দ কৃত সুৰাৰ লগতে সুৰা ব্যৱসায়ী উত্তম বসাকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ।

liquid-seized-at-boko
ছয়গাওঁ আৰক্ষীয়ে জব্দ কৰিলে অবৈধ বিলাতী সুৰা
author img

By

Published : Jul 10, 2021, 12:09 PM IST

বকো, 10 জুলাই : ৰাজ্যৰ অন্য প্ৰান্তত অব্যাহত আছে নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান ৷ অসম আৰক্ষীৰ চলি থকা বিভিন্ন নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযানৰ মাজতে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীত শুকুৰবাৰে নিশা আৰক্ষীৰ অভিযান । আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ বিলাতী সুৰা ।

ছয়গাঁৱৰ গৰৈমাৰী বজাৰৰ উত্তম বসাক নামৰ সুৰা ব্যৱসায়ী গৰাকীয়ে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি অবৈধভাৱে চলাই আহিছিল সুৰাৰ বেহা । ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত চলা অভিযানত উত্তম বসাকৰ ঘৰৰ পৰা বিলাতী সুৰা জব্দ কৰা হয় । এই অভিযানত জব্দ কৃত সুৰাৰ লগতে ব্যৱসায়ী উত্তম বসাকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ।

বিগত জুন মাহত অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে দেৰগাঁও আৰক্ষীয়ে ৷ অভিযোগ অনুসৰি চুলাই ট্ৰেজেদীৰ পাচতো গোলাঘাট জিলাৰ বিভিন্ন ঠাইত অবৈধভাৱে বিলাতী সুৰাৰ লগতে চুলাই মদৰ অবৈধ ব্যৱসায় অব্যাহত আছিল ৷ সেই অনুসৰি দেৰগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে এক অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা সহ এগৰাকী মহিলাক আটক কৰে ৷

অসমত অব্যাহত আছে অৰুণাচলী সুৰাৰ অবৈধ ৰমৰমীয়া বেহা ৷ বিগত এমাহ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা হৈছে অৰুণাচলী সুৰা ৷ আবকাৰী বিভাগৰ তৎপৰতাত আটক কৰা সৰবৰাহকাৰীক ৷

ইপিনে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলায় ৷ এই অভিযানকালত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত অৰুণাচলী সুৰাত অসমৰ লেবেল লগাই অবৈধভাৱে বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহে ৷ লগতে আৰক্ষীয়ে জব্দ কৰে 130 কাৰ্টন সুৰা আৰু 58 কাৰ্টন বিয়েৰ ৷ অৰুণাচলৰ সুৰাখিনিত অসমৰ লেবেল লগাই থাকোতে হাতে-লোটে ধৰা পৰে চাবুৱাৰ পংকজ গগৈ নামৰ এজন সুৰাৰ অবৈধ ব্যৱসায়ী ৷

লগতে পঢ়ক: অসম-ত্ৰিপুৰা সীমান্তত বিলাতী সুৰা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.