কামৰূপ,7 অক্টোবৰ: অসমৰ চহা কৃষকৰ বাবে সুখবৰ । এতিয়াৰে পৰা কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰীসমূহ মধ্যভোগী দালালৰ জৰিয়তে বিক্ৰী কৰিব নালাগে । ভাৰত চৰকাৰৰ কৃষি বিভাগে উন্মোচন কৰা ‘কৃষক ৰথ’ নামৰ এপটো মুখ্যমন্ত্ৰী সোণোৱালে কৃষকসকলৰ বাবে মুকলি কৰে । এই এপৰ জৰিয়তে ক্ৰেতা-বিক্ৰেতাসকলে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব আৰু উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিবলৈ সক্ষম হ’ব ।
বুধবাৰে কামৰূপৰ কমলপুৰৰ ‘জাগৰণ ফাৰ্মাৰ্চ প্ৰডিউচাৰ কোম্পানী’ নামৰ সংস্থাটোৱ অনুষ্ঠিত কৰা কৃষক সভাত এই মন্তব্য কৰে সদৌ অসম দেৱালয় সংঘৰ সম্পাদক মনোজ শৰ্মাই । আনহাতে,সভাত উপস্থিত থকা আন্তঃৰাষ্ট্ৰীয় আলু গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী বিজয় শংকৰ গোস্বামীয়ে আলুৰ উৎপাদন বৃদ্ধিৰ বাহিৰে বজাৰৰ ক্ষেত্ৰটো গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে ।
লগতে পঢ়ক: হাথৰছ কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদত বহিল 6 সংগঠন