ETV Bharat / state

Sensational Kidnapping in Rangia: ৰঙিয়াৰ অপহৰণকাণ্ডৰ ৩ অভিযুক্তক শুৱালকুছিত গ্ৰেপ্তাৰ - Kidnapper arrested in Rangia

ৰঙিয়াত বুধবাৰে চাঞ্চল‍্যকৰ অপহৰণকাণ্ড সংঘটিত হোৱাৰ ১২ ঘণ্টা নৌহওঁতেই আৰক্ষীয়ে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে অপহৃতক উদ্ধাৰ কৰে (Kidnapping case in Rangia)। অৱশ্যে আন এজন অভিযুক্ত এতিয়াও পলাতক ।

Sensational kidnapping case in Rangia
ৰঙিয়াৰ অপহৃতক উদ্ধাৰ শুৱালকুছিত
author img

By

Published : Feb 2, 2023, 2:53 PM IST

ৰঙিয়া, ২ ফেব্ৰুৱাৰী: আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিচতো অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে ৰঙিয়া ৷ ৰঙিয়া অঞ্চলত এতিয়া দিন দুপৰতে চুৰি, ডকাইতি, অপহৰণকাণ্ড তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে । ইয়াৰ মাজতেই ৰঙিয়া নগৰত বুধবাৰে দিন দুপৰতে সংঘটিত হয় এক চাঞ্চল্যকৰ অপহৰণকাণ্ড (Sensational kidnapping case in Rangia) ৷ ৰঙিয়া নগৰৰ নুৰুদ্দিন পথৰ পাইলচ ট্ৰিটমেন্ট কেয়াৰ ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীক চাৰিজনীয়া দুৰ্বৃত্তৰ দল এটাই দিন দুপৰতে অপহৰণ কৰে ৷ ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখতে থকা ফাৰ্মাচীখনৰ পৰাই দুৰ্বৃত্তৰ দলটোৱে তেওঁক অপহৰণ কৰে । বুধবাৰে চাঞ্চল‍্যকৰ অপহৰণকাণ্ড সংঘটিত হোৱাৰ ১২ ঘণ্টা নৌহওঁতেই ৰঙিয়া আৰক্ষীয়ে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে অপহৃতক উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Kidnapper arrested in Rangia)।

ঘটনাস্থলীত এজন প্ৰত‍্যক্ষদৰ্শীয়ে নিজৰ ম'বাইল ফোনত ৰেকৰ্ড কৰা এটা ভিডিঅ' আৰু গোপন সূত্ৰৰ আলম লৈ চলোৱা অভিযানত আৰক্ষীয়ে এই সফলতা লাভ কৰে । ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে শুৱালকুছিৰ ব্ৰহ্মপুত্ৰ নৈৰ সদানত (বালি খান্দা ঠাই) অভিযান চলায় (Kidnapper arrested in Suwalkuchi) । অভিযানকাৰী দলটোৱে তিনি অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও সুযোগ বুজি চতুৰ্থজন অপহৰণকাৰীয়ে পলায়ন কৰে । আৰক্ষীয়ে অপহৃতকো উদ্ধাৰ কৰে । ইয়াৰ উপৰি আৰক্ষীৰ দলটোৱে অপহৰণকাৰীয়ে ব্যৱহাৰ কৰা AS 01 DU 6306 নম্বৰৰ বাহনখনো জব্দ কৰে । ধৃত অপহৰণকাৰীকেইজন হৈছে কামৰূপ জিলাৰ শুৱালকুছি গন্ধমৌৰ জাহিৰুল ইছলাম (৩৯) ,নাবেদ আহমেদ (২৬) আৰু ছাইদুল ইছলাম (৩৯)। ধৃত অপহৰণকাৰীকেইজনক ৰঙিয়া থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

উল্লেখযোগ‍্য যে বুধবাৰে ৰঙিয়াত দিন দুপৰতেই এক চাঞ্চল‍্যকৰ অপহৰণকাণ্ড সংঘটিত হৈছিল । অপহৃত লোকজন হৈছে ঘগ্ৰাপাৰৰ জেহেৰুল ইছলাম (৩০) । ৰঙিয়া নগৰৰ নুৰুদ্দিন পথৰ 'পাইলচ ট্ৰিটমেন্ট কেয়াৰ' নামৰ ফাৰ্মাচীৰ গৰাকীজনক চাৰিজনীয়া দুৰ্বৃত্তৰ এটা দলে অপহৰণ কৰে । ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত থকা ফাৰ্মাচীখনৰ ভিতৰৰ পৰা অপহৰণ কৰা মুহুৰ্তত চাৰি দুৰ্বৃত্তই মাৰধৰ কৰি ফাৰ্মাচিষ্টজনক টানি বাহনখনত বহুৱাই ৰাষ্ট্ৰীয় ঘাইপথ অভিমুখে পলায়ন কৰে ।

আনহাতে, অপহৰণৰ এই সমগ্ৰ দৃশ্য কাষতে থকা এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে নিজৰ ম'বাইল ফোনত ৰেকৰ্ড কৰি থয় ৷ প্ৰত‍্যক্ষদৰ্শী গৰাকীয়ে এই ঘটনাটো ৰঙিয়া আৰক্ষীক অৱগত কৰে । ইয়াৰ পিছতেই আৰক্ষীয়ে অভিযান চলায় । কালি সন্ধিয়াই তিনি অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে অপহৃতক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:Love jihad in Assam: লাভ জিহাদৰ বলি অসমৰ যুৱতীয়ে ন্যায় বিচাৰি দ্বাৰস্থ হ’ল উত্তৰ প্ৰদেশৰ আদালতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.