ক্ষেত্ৰী, 3 নৱেম্বৰঃ মৈত্ৰী আঁচনিৰ অধীনত ক্ষেত্ৰী থানাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ 1979 চনতে স্থাপন কৰা ক্ষেত্ৰী আৰক্ষী থানৰ আধুনিক সা-সুবিধাৰে নৱনিৰ্মিত ভৱনটো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে, নৱনিৰ্মিত এই আৰক্ষী থানাখনত অভ্যৰ্থনা, মহিলা আৰু শিশু কক্ষ, চাইবাৰ কক্ষ, সৌৰশক্তিৰে পোহৰৰ ব্যৱস্থা ইত্যাদিৰ দৰে আধুনিক ব্যৱস্থাসমূহ উপলব্ধ আছে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই থানাই আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু অধিক উন্নীত কৰি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুৰক্ষিত কৰাৰ দিশটো নতুন বাতাবৰণৰ সৃষ্টি কৰিব ৷ ২০১৪ চনত গুৱাহাটীত অনুষ্ঠিত আৰক্ষীসঞ্চালক প্ৰধান সকলৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্মাৰ্ট পুলিচ গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মৈত্ৰী আঁচনিৰ অধীনত জনসাধাৰণলৈ সঁহাৰিপূৰ্ণ সেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে থানা সমূহৰ আধুনিকীকৰণৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷
আনহাতে, উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেজপুৰ লোকসভাসমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে কয় যে, আৰক্ষী সকল সমাজৰ গুৰুত্বপূৰ্ণ ব্যক্তি ৷ আৰক্ষীয়ে শান্তি শৃংখলা বজাই ৰখাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷ এই কথা হৃদয়ংগম কৰিয়েই আৰক্ষী বাহিনীৰ কৰ্মস্থলীৰ পৰিৱেশ উন্নীতকৰণ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষ গুৰুত্ব আৰোপ কৰি মৈত্ৰী আঁচনিৰে থানা সমূহ আধুনিকীকৰণৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে । মুখ্যমন্ত্ৰীয়ে লোৱা বিভিন্ন পদক্ষেপৰ ফলশ্ৰুতিতে ৰাজ্যখনৰ গৃহ বিভাগলৈ নতুন পৰিৱৰ্তন আহিছে বুলিও সাংসদ গৰাকীয়ে কয় ৷ উক্ত অনুষ্ঠানত লগতে উপস্থিত থাকে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা, আৰক্ষী উপ মহাপৰিদৰ্শক হীৰেন নাথকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ উপৰিও বহু সংখ্যক গণ্য মান্য ব্যক্তি ৷