ETV Bharat / state

পলাশবাৰীত গঠন হ'ল নতুন আঞ্চলিক ৰাজনৈতিক দল

author img

By

Published : Dec 18, 2020, 7:14 PM IST

বহিৰাগত প্ৰাৰ্থীৰ বিৰুদ্ধে পলাশবাৰীত গঠিত হ'ল নতুন আঞ্চলিক ৰাজনৈতিক দল ৷ 'পলাশবাৰী সমষ্টী সুৰক্ষা মঞ্চ' নামে গঠন হোৱা দলটো কেৱল পলাশবাৰী সমষ্টিতে সীমাবদ্ধ থাকিব বুলি জানিব পৰা গৈছে ৷

kamrup_polashbari new political group
পলাশবাৰীত গঠন হ'ল নতুন আঞ্চলিক ৰাজনৈতিক দল

কামৰূপ,18ডিচেম্বৰ: আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত সকলো ৰাজনৈতিক দল,নেতা-পালিনেতা সষ্টম হৈ উঠাৰ সময়তে চৰ্চিত হৈ পৰিছে কামৰূপ জিলাৰ এটা সমষ্টি ৷ কামৰূপৰ পলাশবাৰী সমষ্টিটোত এতিয়া ৰাজনৈতিক বতাহে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে ৷ শুকুৰবাৰে সমষ্টিটোৰ বাটৰহাটত গঠন হয় এটা নতুন আঞ্চলিক ৰাজনৈতিক দল ৷ পলাশবাৰী সমষ্টিত বহিৰাগত লোকক প্ৰাৰ্থীত্ব নিদিয়াৰ উদ্দেশ্যৰে গঠিত হয় 'পলাশবাৰী সমষ্টি সুৰক্ষা মঞ্চ' নামে দলটো ৷ বাটৰহাটৰ এসময়ৰ অগপ কাৰ্যালয় হিচাপে থকা কাৰ্যালয়টোত আজি অনুষ্ঠিত হোৱা এখন সংবাদমেলত এই কথা ঘোষণা কৰে নৱগঠিত দলটোৱে ৷ আজিৰ প্ৰথমখন সভাতে এই দলটোৱে ৯জনীয়া এখন আহ্বায়ক সমিতিও গঠন কৰে ৷ নৱৱৰ্ষৰ প্ৰথম সপ্তাহতে দলটোৱে অনুষ্ঠিত কৰিব ৰাজ্যিক অভিৱৰ্তন আৰু এই অভিৱৰ্তনতে সিদ্ধান্ত লোৱা হ'ব পলাশবাৰী সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ কথা ৷

প্ৰাপ্ত তথ্য অনুসৰি,এই দলটোৱে কেৱল পলাশবাৰী সমষ্টিতে সীমাৱদ্ধ থাকিব । এই দলটোৰ মুল উদ্দেশ্য হৈছে বহিৰাগত প্ৰাৰ্থীক সমষ্টিত স্থান নিদিয়া ।

অন্য এক খবৰৰ বাবে: গোলাঘাটৰ চিকিৎসালয়ত শূণ্য হ'ল ক'ভিড ৰোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.