ETV Bharat / state

কমলপুৰৰ গ্ৰামাঞ্চলত ক’ভিড প্ৰতিষেধক প্ৰদান - kamalpur legislative assembly

কমলপুৰ বিধানসভা সমষ্টি(kamalpur legislative assembly)ৰ গ্ৰামাঞ্চলসমূহত ক’ভিড পৰীক্ষা কৰাৰ লগতে ক’ভিড প্ৰতিষেধক(Covid vaccine) প্ৰদান ৷ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা(MLA diganta Kalita)ই এই গ্ৰামাঞ্চলসমূহলৈ গৈ ক’ভিডৰ টীকাকৰণ আৰু ক’ভিড পৰীক্ষা ভালদৰে হৈছেনে নাই তদাৰক কৰে ৷

kamalpur-village-vaccination
কমলপুৰৰ গ্ৰামাঞ্চলত ক’ভিড প্ৰতিষেধক প্ৰদান
author img

By

Published : Jun 5, 2021, 8:54 AM IST

বাইহাটা,5 জুন: চহৰ-নগৰৰ পিচতে এতিয়া গ্ৰামাঞ্চলসমূহত ক’ভিডৰ গণ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে । ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰামাঞ্চলত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে ন ন পদক্ষেপ গ্ৰহণ কৰিছে । শেহতীয়াকৈ স্বাস্থ্য বিভাগে গাঁৱসমূহলৈ গৈ প্ৰশাসনৰ উদ্যোগত গাঁৱবাসীৰ মাজত ক’ভিড পৰীক্ষা কৰাৰ লগতে ক’ভিড নিগেটিভ লোকসকলক ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছেনে নাই তাৰ তদাৰক কৰে ৷

কমলপুৰৰ গ্ৰামাঞ্চলত ক’ভিড প্ৰতিষেধক প্ৰদান

কমলপুৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক দিগন্ত কলিতা(MLA diganta Kalita)ই এই গাঁৱসমূহলৈ গৈ ক’ভিড পৰীক্ষা আৰু টীকাকৰণ সকলোৱে লাভ কৰিছেনে নাই তদাৰক কৰে ৷ লগতে ক’ভিড প্ৰতিষেধক গ্ৰহণৰ পৰা যাতে কোনো লোক যাতে বাদ পৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ প্ৰদান কৰে ৷

কৰ’ণাকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ক’ভিডক পৰাভূত কৰাৰ বাবে লোৱা সকলো ধৰণৰ পদক্ষেপক বিধায়কসকলে সমৰ্থন জনাই আহিছে । সকলোৱে যাতে ক’ভিড 19(Covid 19) ৰ সংক্ৰমণৰ পৰা নিজকে মুক্ত কৰি ৰাখিব পাৰে, তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰে কমলপুৰৰ বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে বহৰি সত্ৰলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.