ETV Bharat / state

আমিনগাঁৱত বাতৰি সংগ্ৰহ কৰা অৱস্থাত প্ৰহৃত সাংবাদিক

author img

By

Published : Nov 23, 2019, 5:58 PM IST

চাইল্ড লাইনে আমিনগাঁৱৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমীপত এটা গেৰেজৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ কৰাৰ বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাতেই আক্ৰমণ কৰে সাংবাদিক দুগৰাকীক ৷

অনা অসমীয়াৰ হাতত প্ৰহৃত দুগৰাকী সাংবাদিক

কামৰূপ, 23 নৱেম্বৰঃ ৰাজ্যত পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা। আমিনগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল দুজনকৈ সাংবাদিক । বৈদ্যুতিন মাধ্যমৰ সাংবাদিক দুজন ক্ৰমে ৰন্টু বৈশ্য আৰু ৰূপজ্যোতি দাস। চাইল্ড লাইনে আমিনগাঁৱৰ ৰাষ্ট্ৰীয় আইন বিশ্ব বিদ্যালয়ৰ সমীপত এটা গেৰেজৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ কৰাৰ বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাতেই আক্ৰমণ কৰে সাংবাদিক দুগৰাকীক। গেৰেজৰ মালিক কৰ্মচাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় সাংবাদিকদ্বয়। সম্প্ৰতি আমিনগাঁও তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে সাংবাদিক দুজন।

আনহাতে,সাংবাদিকক আক্ৰমণ কৰা গেৰেজৰ মালিকৰ বিৰুদ্ধে আমিনগাঁও আৰক্ষী চকীত ৰুজু হৈছে গোচৰ। ঘটনাস্থলীত কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্ত আৰু উপ-আৰক্ষী অধীক্ষক কল্যান পাঠক উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। দোষী কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে। ইফালে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে দুৰ্বৃত্তৰ দলটো। সাংবাদিকক আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে কামৰূপ জিলাৰ বিভিন্ন দল-সংগঠনে।

লগতে পঢ়কঃসমস্যা মুক্ত হ'ব কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ঃ প্ৰতিশ্ৰুতি স্থানীয় বিধায়কৰ

Intro:*SLUG= AMINGAON REPORTER ATTACK*

SCRIPT= ৰাজ্যত পুনৰ সাংবাদিকৰ ওপৰত বৰ্বৰ আক্ৰমন ঘটনা । আমিনগাঁৱত দুৰ্বিত্বৰ আক্ৰমনৰ বলি হ'ল দুজনকৈ সাংবাদিক । বৈদ্যুতিন মাধ্যমৰ সাংবাদিক দুজন ক্ৰমে ৰন্টু বৈশ্য আৰু ৰূপজ্যোতি দাস ।Body:চাইল্ড লাইনে আমিনগাঁৱৰ ৰাষ্ট্ৰীয় আইন বিশ্ব বিদ্যালয়ৰ সমীপত এটা গেৰেজৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ কৰাৰ বাতৰি সংগ্ৰহ কৰি থাকোতেই অনা অসমীয়া দুৰ্বিত্বৰ আক্ৰমন সাংবাদিক দুগৰাকীক ।গেৰেজৰ মালিক কৰ্মচাৰী আৰু ভেৰোনীয়া গুণ্ডা বাহিনীৰ বৰ্বৰ আক্ৰমনত গুৰুতৰ ভাৱে আহত হয় সাংবাদিক দ্বয় । সম্প্ৰতি আমিনগাঁৱ তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধিন সাংবাদিক দুজন । ইতিমধ্যে সাংবাদিকক আক্ৰমন কৰা গেৰেজৰ মালিকৰ বিৰুদ্ধে আমিনগাঁৱ আৰক্ষী চকীত ৰুজু হৈছে গোচৰ । Conclusion:ঘটনাস্থলীত কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্ত উপ আৰক্ষী অধীক্ষক কল্যান পাঠক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । দোষী কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰক্ষী অধীক্ষকে । ইফালে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে দুৰ্বিত্বৰ দলটো ।সাংবাদিকক আক্ৰমন কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিছে কামৰূপ জিলাৰ বিভিন্ন দল-সংগঠনে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.