আজাৰা,৩ এপ্ৰিলঃ বুধবাৰে কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল জোনমনি দেৱী খাউণ্ডে । ঘোঁৰাত উঠি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিল ৭নং গুৱাহাটী সমষ্টিৰ হৈ নিৰ্দলীয়ভাৱে প্ৰতিনিধিত্ব কৰা জোনমনি দেৱীখাউণ্ড। বিভিন্ন সামাজিক কাম-কাজৰ লগত জড়িত হৈ থকা এই প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিল যথেষ্ট সংখ্যক লোক ।
"এইখন বীৰাংগনাৰ দেশ । কংগ্ৰেছ-বিজেপিৰ অপশাসন ৰোধ কৰি গুৱাহাটীবাসী ৰাইজক উন্নয়নৰ মুখ দেখুৱাবলৈ এই যুঁজত অৱতীৰ্ণ হৈছো । অসমীয়া চলচিত্ৰ জগতৰ উন্নয়নৰ বাবেও ৬ বছৰে অহৰহ চেষ্টা কৰি আছো" মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি সাংবাদিকৰ ওচৰত এইদৰে মন্তব্য কৰে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ ।