ETV Bharat / state

পলাশবাৰীত জোনমণি দেৱী খাউণ্ডৰ নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনী ৰেলীত কংগ্ৰেছ আৰু বিজেপিক কটু ভাষাৰে সমালোচনা গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ৷

author img

By

Published : Apr 19, 2019, 5:52 PM IST

পলাশবাৰীত জোনমণি দেৱী খাউণ্ডৰ নিৰ্বাচনী প্ৰচাৰ

আজাৰা, 19 এপ্ৰিল : কংগ্ৰেছ-বিজেপিৰ তুমুল নিৰ্বাচনী প্ৰচাৰৰ মাজত পিছ পৰি থকা নাই নিৰ্দলীয় দলো৷ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিজয় ডংকা বজোৱাৰ উদ্দেশ্যে নিৰ্বাচনী প্ৰচাৰত উঠি-বহি লাগিছে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ড৷

শুকুৰবাৰে পলাশবাৰীত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় জোনমণি দেৱী খাউণ্ড৷ পলাশবাৰী বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত ৰেলী উলিয়াই নিৰ্বাচনী প্ৰচাৰ চলায় নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে৷ কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই অসমীয়াৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি নিৰ্বাচনী ৰেলীত উল্লেখ কৰে খাউণ্ডে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বলবৎ কৰি অসমীয়াৰ অস্তিত্ব ধ্বংস কৰিব বিচৰা বিজেপিক কোনোপধ্যেই অসমবাসীয়ে আদৰি নলয় বুলি উল্লেখ কৰে জোনমণি দেৱী খাউণ্ডে৷ আনহাতে কংগ্ৰেছেও বিধেয়ক সন্দৰ্ভত দুমুখীয়া স্থিতি গ্ৰহণ কৰি অসমবাসীক প্ৰতাৰণা কৰা বুলিও দলটোক কটাক্ষ কৰে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে৷

বৃহস্পতিবাৰে ছয়গাঁৱৰ গৰৈমাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক'লা পতাকা প্ৰদৰ্শন কৰা বাবেই এগৰাকী মহিলা আটক হোৱা কাণ্ডৰো গৰিহণা প্ৰদান কৰে জোনমণি দেৱী খাউণ্ডে৷ এই কাৰ্যই জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰক খৰ্ব কৰা বুলি বিজেপিক ধিক্কাৰ দিয়ে গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে৷

Slug:-A_Kam_Junmoni_Devi_election_meet_811-815_vis+bite+Photo_Ajay_Das

পলাশবাৰীত নিৰ্বাচনী প্ৰচাৰ জোনমনী দেৱী খাউণ্ডৰ ।

Vo..ৰাজ্যত অনুষ্ঠিত হৈ গ'ল প্ৰথম আৰু দ্বীতিয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন । এতিয়া অনুষ্ঠিত হ'ব বাকী আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । তাক লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে সকলো দলৰ লগতে প্ৰাৰ্থী । আজি ৭ নং গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমনী দেৱী খাউণ্ডে নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় পলাশবাৰী বিধানসভা সমষ্টিত । পলাশবাৰী বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত এক ৰেলী যোগে নিৰ্বাচনী প্ৰচাৰ চলাই নিৰ্দলীয় প্ৰাৰ্থী জোনমনী দেৱীয়ে । "বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলে বিগত দিনবোৰত অসমীয়া জাতিৰ ভাবুকি সৃষ্টি কৰিলে । দুয়োটা দল অসমীয়া জাতিৰ প্ৰতি ভাবুকি স্বৰূপ । বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিমে বুলি কোৱা দম্ভালনি অসমীয়া জাতিৰ প্ৰতি অতি সংকটজনক । কংগ্ৰেছ দলেও বিধেয়ক সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰা নাই তেওলোকে দুমুখীয়া নীতি গ্ৰহন কৰিছে । দিল্লীত উলংগ হৈ প্ৰতিবাদ কৰা প্ৰতিবাদকাৰী সমুহে বিজেপিত যোগদান কৰিছে এয়া অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্য ।" বুলি মন্তব্য কৰে । আনহাতে যোৱাকালি ছয়গাওৰ গৰৈমাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কলা পতাকা প্ৰদৰ্শন কৰি এগৰাকী মহিলা গ্ৰেপ্তাৰ হোৱা কাৰ্য দুৰ্ভাগ্য আখ্যা দি এয়া গনতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা মন্তব্য কৰে ।

Bite...

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.