ETV Bharat / state

মাতৃভূমিত উপস্থিত হ'ল CISFৰ জোৱান জয়ন্ত দলৈৰ নশ্বৰদেহ

author img

By

Published : Dec 5, 2020, 2:31 PM IST

নিজ মাতৃভূমিলৈ লৈ অনা হ'ল নতুন দিল্লীৰ বিমানবন্দৰত কৰ্মৰত অসমৰ চিআইএছএফৰ জোৱান জয়ন্ত দলৈৰ নশ্বৰদেহ ৷ এক পথ দুৰ্ঘটনাত নিহত হৈছিল জোৱানজন ৷

jantya_dolley_deadbody_airport_
নিজ মাতৃভুমিলৈ অনা হ'ল CISFৰ জোৱান জয়ন্ত দলৈৰ নশ্বৰদেহ

কামৰূপ,5 ডিচেম্বৰ: নিজ মাতৃভুমিলৈ লৈ অনা হ'ল নতুন দিল্লীৰ বিমানবন্দৰত কৰ্মৰত অসমৰ চিআইএছএফৰ জোৱান জয়ন্ত দলৈৰ নশ্বৰদেহ ৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৰ্তব্যৰত আছিল জয়ন্ত দলৈ ৷ ইতিমধ্যে, গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ বিমানযোগে লৈ অনা হৈছে জোৱানজনৰ নশ্বৰদেহ ।

উল্লেখ্য যে, নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত এক পথ দুৰ্ঘটনাত ৩ ডিচেম্বৰত অসমৰ জয়ন্ত দলে নামৰ চিআইএছএফৰ কনিষ্টবল গৰাকীয়ে প্ৰাণ হেৰুৱাইছিল । স্কুটিৰে নিজৰ কৰ্তব্যস্থলীলৈ আহি থকাৰ সময়তে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো ৷

জয়ন্ত দলে গোলাঘাট জিলাৰ বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত বালিজানৰ জৱাহৰলাল দলেৰ পুত্ৰ । বিমানবন্দৰতে সামৰিক মৰ্যদাৰে কনিষ্টবল জয়ন্ত দলেক শ্ৰদ্ধা জ্ঞাপন কৰা হয় ।

অন্য এক খবৰৰ বাবে: যোৰহাটত বিদায় অনুষ্ঠানত আৱেগিত হৈ পৰিল লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.