কামৰূপ,22 ফেব্ৰুৱাৰী: আগন্তুক বৰ্ষত হ'ব লগা বিধান সভা নিৰ্বাচনৰ বাবে জালুকবাৰী সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰিব পাৰে কংগ্ৰেছ নেত্ৰী নন্দা দেৱীয়ে ৷ 2021ৰ নিৰ্বাচনৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা কংগ্ৰেছ দলৰ 50 জনীয়া প্ৰাৰ্থীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে জালুকবাৰীৰ কংগ্ৰেছ নেত্ৰী নন্দা দেৱীৰ নাম ৷ এই সন্দৰ্ভত ২৫ বছৰে সততাৰে কংগ্ৰেছ দলৰ হৈ কাম কৰি যোৱা নন্দা দেৱীয়ে কয় যে, দলৰ সিদ্ধান্তই সৰ্বসন্মত সিদ্ধান্ত ৷ যদি তেওঁক যোগ্য বুলি ভাবি দলে প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰে তেতিয়াহ'লে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ তেওঁ সাজু ৷ লগতে ২০২১ৰ নিৰ্বাচনত প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো প্ৰত্যাহ্বান জনাবলৈ সাজু বুলি কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷
আনহাতে, নন্দা দেৱীক জালুকবাৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে কংগ্ৰেছ দলে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব বুলি মন্তব্য দিয়ে জালুকবাৰীৰ কংগ্ৰেছ কৰ্মী সকলে ।