ETV Bharat / state

এইবাৰ ৰাজ্যত ITBP কেলেংকাৰী : গ্ৰেপ্তাৰ 2

author img

By

Published : Oct 31, 2020, 2:25 PM IST

Updated : Oct 31, 2020, 2:45 PM IST

SI কেলেংকাৰী,JEE কেলেংকাৰী মাৰ নৌযাওঁতেই এইবাৰ সংঘটিত হৈছে ITBP কেলেংকাৰী ৷ পাটগাঁৱস্থিত BSFৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰি-মেডিকেল টেষ্টত প্ৰাৰ্থী জনক দৈমাৰী সলনি কৰমচাত বসুমতাৰী নামৰ এজন আত্মীয়হে উপস্থিত হয় ৷ তেনে সময়তে পূৰ্বৰ মেডিকেল টেষ্টৰ লগত উচ্চতা,ওজন আদিৰ লগত মিল নথকাত সন্দেহ ওপজে BSF কৰ্তৃপক্ষৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ঘটনাৰ তদন্ত চলাৱোত পোহৰলৈ আহে প্ৰকৃত সত্য ৷

ITBP scandal in the state
এইবাৰ ৰাজ্যত ITBP কেলেংকাৰীঃআটক 1

দক্ষিণ কামৰূপ/আজাৰা,31অক্টোবৰঃ ৰাজ্যত ফাদিল হৈছে ইটোৰ পিছত আনটো কেলেংকাৰী ৷ SI কেলেংকাৰী,JEE কেলেংকাৰী মাৰ নৌযাওঁতেই এইবাৰ সংঘটিত হৈছে ITBP কেলেংকাৰী ৷ জানিব পৰা মতে, মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত পাটগাঁৱস্থিত BSF ৰ গুৱাহাটীৰ ফ্ৰণ্টিয়াৰৰ মুখ্য কাৰ্যালয়ত যোৱা বুধবাৰে অনুষ্ঠিত হৈছিল ITBP ৰ শাৰীৰিক পৰীক্ষা ৷এই পৰীক্ষাত চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত হালী পাৰাৰ কানেশ্বৰ দৈমাৰীৰ পুত্ৰ জনক দৈমাৰীয়ে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও মেডিকেল পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে ।

এইবাৰ ৰাজ্যত ITBP কেলেংকাৰীঃআটক 1

ইয়াৰ পিছতে পুনৰ মেডিকেল পৰীক্ষা বাবে আবেদন জনায় জনক দৈমাৰীয়ে ৷ কিন্তু পাটগাঁৱস্থিত BSFৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰি-মেডিকেল টেষ্টত প্ৰাৰ্থী জনক দৈমাৰী সলনি কৰমচাত বসুমতাৰী নামৰ এজন আত্মীয়হে উপস্থিত হয় ৷তেনে সময়তে পূৰ্বৰ মেডিকেল টেষ্টৰ লগত উচ্চতা,ওজন আদিৰ লগত মিল নথকাত সন্দেহ ওপজে BSF কৰ্তৃপক্ষৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ঘটনাৰ তদন্ত চলাৱোত পোহৰলৈ আহে প্ৰকৃত সত্য ৷ BSF কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত আজাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে দুয়োজনকে গ্ৰেপ্তাৰ কৰে আজাৰা আৰক্ষীয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত বৰ্তমানেও আৰক্ষী থানাত জেৰা অব্যাহত আছে ৷
লগতে পঢ়কঃ তুৰ্কীৰ ভূমিকম্পই প্ৰাণ ল’লে 22 গৰাকীৰ

Last Updated : Oct 31, 2020, 2:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.