গুৱাহাটী, 4 অক্টোবৰঃ ৰাজ্যত চাৰিওকাষে চলিছে পূজাৰ প্ৰস্ততি ৷ পূজাৰ প্ৰাকক্ষণত মহানগৰীত বাহৰ পাতিছে এটা বৃহৎ ইৰাণী দলৰ সদস্যই ৷ শুকুৰবাৰে গীতানগৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জু-ৰোড তিনিআলিৰ পৰা আটক কৰে এই দলটোৰে এজন সদস্যক ৷ হাৰিয়ানাৰ পৰা গুৱাহাটী লৈ অহাৰ লগে লগে মহানগৰ আৰক্ষীয়ে এক অভিযান চলাই আটক কৰে ইৰাণী দলৰ সদস্য জনক ৷ ধৃত লোকজনৰ নাম সুনীল কুমাৰ ৷
শাৰদীয় পূজাৰ সময়ত বিশেষ কায়দাৰে ধন লুটিবলৈ সুদূৰ হাৰিয়ানাৰ পৰা গুৱাহাটীলৈ আহিছিল এটা বৃহৎ দলৰ সৈতে সুনীল কুমাৰ ৷ আৰক্ষীৰ সূত্ৰই জনোৱা ম'তে, এইজন সুনীল কুমাৰে মহানগৰীৰ দিছপুৰ , বেলতলা, গড়চুক আদিকে ধৰি ভিন্ন অঞ্চলৰ বেংক এটিএমৰ পৰা বিশেষ কৌশলেৰে বহু গ্ৰাহকৰ পৰা ধন লুটি পলাতক অৱস্থাত আছিল ৷
উল্লেখ্য যে শুকুৰবাৰে জু ৰোড তিনিআলিস্থিত বাইক ভাড়া দিয়া ব্যৱসায়ী প্ৰতিষ্ঠান এটাৰ পৰা বাইক ভাড়া ল'ব আহোঁতেই গীতা নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুনীল কুমাৰক ৷ ইতিমধ্যে গীতানগৰ আৰক্ষীয়ে 438/19 নম্বৰত ভাৰতীয় দণ্ড বিধিৰ 420/507 ধাৰাত এক গোচৰ ৰুজু কৰি ধৃত সুনীল কুমাৰক জেৰা অব্যাহত ৰাখিছে ৷