ETV Bharat / state

International Labour Day 2022: ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন শ্ৰমিক দিৱস - Labour Day celebrates in Rangia

1886 চনত আমেৰিকাৰ চিকোগো চহৰত শ্ৰমিকৰ হকে প্ৰাণ আহুতি দিয়া লোকসকলক সুঁৱৰি প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো বিশ্বজুৰি পালন কৰা হ’ল শ্ৰমিক দিৱস (International Labour Day 2022)৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো ভিন্ন ঠাইত পালন কৰা হ’ল শ্ৰমিক দিৱস ৷

International Labour Day 2022
সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হ’ল শ্ৰমিক দিৱস
author img

By

Published : May 1, 2022, 10:26 PM IST

নিউজ ডেস্ক, 1 মে’ : পহিলা মে'ৰ দিনটো বিশ্বজুৰি মে’ দিৱস অথবা শ্ৰমিক দিৱস হিচাপে পালন কৰে ৷ শ্ৰমিকসকলে প্ৰতিদিনে গড়ে 10 ৰ পৰা 12 ঘন্টা শ্ৰম কৰাৰ বিপৰীতে 8 ঘন্টা কৰাৰ দাবীত 1886 চনৰ 1 মে’ত চিকাগো চহৰত আন্দোলন কৰিছিল একাংশ শ্ৰমিকে ৷ সেই সকল শ্ৰমিকৰ ওপৰত চলা গুলীচালনাত ছহিদ হৈছিল ১১ জন শ্ৰমিক ৷ ইয়াৰোপৰি সেই বিশেষ দিনটোত সংঘটিত হৈছিল আন কেতবোৰ ঘটনা ৷

পৰৱৰ্তী সময়ত এই দিনটোৰ লগত সংগতি ৰাখি যুক্তৰাষ্ট্ৰ অথবা কানাডাৰ বাহিৰে প্ৰায় সকলো দেশতে 1 মে’ দিনটো শ্ৰমিক দিৱস অথবা মে’ দিৱস হিচাপে পালন কৰি অহা হৈছে (International Labour Day) ৷ সমগ্ৰ ভাৰতৰ লগতে অসমৰো ভিন্ন প্ৰান্তত এইবাৰো পালন কৰা হয় মে’ দিৱস ৷

ৰঙিয়া: ৰঙিয়াতো শ্ৰমিক দিৱস পালন কৰা হয় । ৰঙিয়া উৰণীয়া সেতুৰ তলত দিনৰ ১১ বজাৰ পৰা বামপন্থী দলসমূহে ৰূপায়ন কৰা মে' দিৱসৰ কাৰ্যসূচীত বামপন্থী দলৰ বিষয়ববীয়াৰ লগতে কৰ্মকৰ্তাসকল উপস্থিত থাকে । সভাত শ্ৰমিক নেতাসকলে শ্ৰমিকৰ ন্যাৰ্য অধিকাৰ আৰু শ্ৰমিকৰ সুৰক্ষা সন্দৰ্ভত ভাষণ ৰাখে ।

শ্ৰমিক দিৱসৰ উক্ত কাৰ্যসূচীত ৰেলৱে’ মজদুৰ ইউনিয়ন, এন ই পি ই, জি ডি আই ই এ, নিৰ্মাণ শ্ৰমিক সন্থা, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু সহায়িকা, মধ্যহ্ন ভোজন শ্ৰমিক সন্থা, এছ এফ আই, ডি ওৱাই এফ আই, কৃষক সভা, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, ৰেলৱে’ চাফাই কৰ্মী আৰু চি আই টি ইউ য়ে অংশগ্ৰহণ কৰে (Labour Day celebrates at Rangia)।

হোজাই: হোজাইতো পূৰ্বৰ দৰেই Centre of Indian Trade Unions চমুকৈ চি.আই. টি. ইউ হোজাই জিলা সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস পালন কৰা হয় ৷ হোজাইৰ গবিন্দ্ৰ নগৰত থকা চি.আই. টি. ইউৰ মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কৰে চি.আই. টি. ইউৰ হোজাই জিলাৰ সভাপতি চিত্ৰৰঞ্জন দাসে ।

সমূহ শ্ৰমজীৱী জনসাধাৰণলৈ ঐতিহাসিক মে’ দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে 1886 চনত আমেৰিকাৰ চিকাগো চহৰত শ্ৰমিকৰ হকে প্ৰাণ আহুতি দিয়া মহান ছহিদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । চি. আই. টি. ইউৰ হোজাই জিলাৰ সভাপতি চিত্ৰৰঞ্জন দাসে কয় যে শ্ৰমিক শ্ৰেণীৰ ওপৰত চলি থকা শোষণ-নিষ্পেষণৰ অৱসান ঘটাই এখন শোষণমুক্ত সমাজ ব্যৱস্থা গঢ়ি তোলাই হৈছে মে’ দিৱস পালনৰ তাৎপর্য ।

মে’ দিৱস পালনৰ জৰিয়তে শ্ৰমিক ঐক্যক অধিক শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে সকলোৱে আহ্বান জনায় (Labour Day celebrates in Hojai)।

নলবাৰী: নলবাৰীৰ আৰিকুছিস্থিত গ্ৰামীন বিকাশ সংস্থা বৰভাগৰ উদ্যোগত আয়োজন কৰা হয় শ্ৰমিক দিৱস ৷ সাংবাদিক, শ্ৰমিকক সম্বৰ্দ্ধনা জনাই উদযাপন কৰা অনুষ্ঠানত শ্ৰমিকৰ দুখ-দুৰ্দশা দাঙি ধৰা হয় এখনি বাটৰ নাটেৰে । এই বাটৰ জৰিয়তে কিদৰে শোষিত হয় শ্ৰমিক, বিগত দুবছৰ ক’ভিডজনিত পৰিৱেশে শ্ৰমিকসকলক কৰা ক্ষতি আৰু শ্ৰমিকসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক দেখুওৱা হয় ।

অনুষ্ঠানটোত প্ৰায় ১০০ গৰাকী শ্ৰমিকক সম্বৰ্দ্ধনা জনোৱাৰ লগতে নলবাৰীৰ ৩০ গৰাকী সাংবাদিকক ফুলাম গামোচা আৰু মানপ্ৰত্ৰৰে সম্বৰ্দ্ধনা জনায় । শ্ৰমিক দিৱসৰ এই সভাত উপস্থিত থাকে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ বীৰেন্দ্ৰ ডেকা, থিয়েটাৰ ভাগ্যদেৱীৰ প্ৰযোজক সুবোধ মজুমদাৰৰ লগতে উদ্যোক্তা আৰু বিষয়ববীয়াসকল (Labour Day celebrates in Rangia)।

লগতে পঢ়ক: President's colour award to Assam police: ধুবুৰীৰ পৰা শদিয়ালৈ অসম আৰক্ষীৰ বাইক ৰেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.