আজাৰা,30 এপ্ৰিলঃ লক্ ডাউন বৃদ্ধি সম্পৰ্কে অসম চৰকাৰে নিজাববীয়াকৈ কোনো সিদ্ধান্ত নলয় । কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তই গ্ৰহণ কৰিব অসম চৰকাৰে । সমান্তৰালকৈ কেন্দ্ৰৰ নিৰ্দেশমৰ্মে ৰাজ্য চৰকাৰে তৈয়াৰ কৰি আছে ৰোড মেপ । এই ৰোড মেপৰ জৰিয়তে বহিঃৰাজ্যত আৱদ্ধ অসমীয়া লোকসকল নিজ গৃহলৈ উভটি আহিব পাৰিব ৷ কিন্তু, এই ৰোড মেপ সম্পূৰ্ণ নোহোৱালৈকে কোনো কথা প্ৰকাশ কৰিব নোৱাৰে ৰাজ্য চৰকাৰে ৷ ৰাজ্য় চৰকাৰৰ উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৃহস্পতিবাৰে দুপৰীয়া পলাশবাৰীস্থিত চানফাৰ্মা আৰু বৰতেজপুৰস্থিত আইটিচি নামৰ উদ্যোগ দুটা পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰে ৷
পোনতে, মন্ত্ৰী গৰাকী চানফাৰ্মাত উপস্থিত হৈ লক্ ডাউনৰ মাজতো উদ্যোগ কৰ্তৃপক্ষই জটিলতা নেওচি কিদৰে কাম-কাজ অব্য়াহত ৰাখিছে সেই বিষয়ে বুজ লয় । তাৰপিছত বৰতেজপুৰস্থিত আইটিচি নামৰ উদ্যোগটোৰ পৰিস্থিতিৰ বুজ লয় ৷ দুয়োটা উদ্যোগতে চলি থকা কাম-কাজৰ প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে ৷
লগতে চাওকঃ চৰকাৰৰ বিৰুদ্ধে মাত মতাসকলৰ বিৰুদ্ধে জাপি দিছে ভুৱা গোচৰ