বকো, 18 জুনঃ বৃহস্পতিবাৰে পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বামুণীগাঁও বন বিভাগে তিনিখনকৈ কাঠ ভৰ্তি মিনি ট্ৰাক জব্দ কৰে ৷ বামুণীগাঁও বন বিভাগৰ বন সংৰক্ষক কুশল দাসৰ নেতৃত্বৰ এটা দলে জব্দ কৰে ট্ৰাক কেইখন ৷ বকো সমষ্টিৰ হাহিম-লালমাটিৰ পৰা জব্দ হয় কাঠ ভৰ্তি ট্ৰাককেইখন ৷
জানিব পৰা মতে, ঘটনাস্থলীৰ পৰা ইতিমধ্যে পলায়ন কৰিছে অভিযুক্ত চোৰাং কাঠৰ ব্যৱসায়ী কেইজনে ৷ জব্দ হোৱা কাঠখিনিৰ মূল্য প্ৰায় 2 লাখ হ'ব বুলি উল্লেখ কৰে বিভাগীয় কৰ্তৃপক্ষই ৷ গাড়ী দুখন জব্দ কৰাৰ সয়মত বন সংৰক্ষক কুশল দাসক আক্ৰমণ চেষ্টা কৰা বুলি জানিবলৈ দিয়ে বন সংৰক্ষক গৰাকীয়ে ৷