ETV Bharat / state

দক্ষিণ কামৰূপত কাঠফুলাৰ দৰে গঢ়ি উঠিছে বালিৰ মহল

author img

By

Published : Aug 3, 2019, 6:49 PM IST

ৰাজ্যত এটা শক্তিশালী বন বিভাগ থকাৰ পিচটো অপৰিৱৰ্তিত আছে বন ধ্বংস অভিযান ৷ অবৈধ বালি মহলৰ বিৰুদ্ধে বন বিভাগৰ বিপৰীতে অভিযানত নামিল ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ ৷

অবৈধ বালি মহল

আজাৰা, 3 আগষ্টঃ দক্ষিণ কামৰূপত কাঠফুলাৰ দৰে গঢ়ি উঠা বালি মহলৰ বিৰুদ্ধে অভিযানত নামিল ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ ৷ পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত কুলশী নৈত এতিয়া বন বিভাগৰ অজ্ঞাতেই গঢ়ি উঠিছে এইসমূহ বালি মহল ৷ বন-বিভাগৰ একাংশ ঘোচখোৰ বিষয়াৰ সৈতে মিলি বালি মাফিয়াই চলাই গৈছে এই ৰমৰমীয়া ব্যৱসায় ৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক বুঢ়া আঙুলি দেখুৱাই বন বিভাগৰ দুৰ্নীতিগ্ৰস্থ বিষয়াৰ নেতৃত্বতে চলি আহিছে এই বালি মহল ৷ বন বিভাগলৈ অপেক্ষা নকৰি বালি মহলৰ বিৰুদ্ধে শনিবাৰে অভিযানত নামি পৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ ৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বত এটি দলে এইদৰে অভিযান চলায় ৷

Intro:কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বনবিভাগ । এইবাৰ বন বিভাগ নহয় অবৈধ বালি মহলৰ বিৰুদ্ধে অভিযানত নামিল ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদে । প্ৰতিবেদন ।Body:Vo..কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বনবিভাগ । চকু মুদা কুলিৰ ভাওত ৰাজ্যৰ বন বিভাগ । বন ধব্বংশৰ কথা জানিও একো নাজানে বনবিভাগে । দক্ষিণ কামৰূপত এতিয়া কাঠফুলাৰ নিচিনা গঢ়ি উঠিছে বালিৰ মহল । পুৱ কামৰূপৰ বন সংমণ্ডলৰ অন্তৰ্গত কুলশী নৈত অবৈধ ভাৱে গঢ়ি উঠিছে বালি মহল । এই বালি মহল সমুহৰে বন বিভাগৰে সৈতে মিতিৰালি কৰি বালি মাফিয়াই চলাই গৈ আছে নিজৰ ৰমৰমীয়া বেহা । এইবাৰ চৰকাৰৰ অংশীদাৰ হিচাপে থকা ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদো গৰজি উঠিল চৰকাৰৰ বিৰুদ্ধে । এইবাৰ বন বিভাগ নহয় অবৈধ বালি মহলৰ বিৰুদ্ধে অভিযানত নামিল ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদে ।
ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বত চলিল অভিযান । দীৰ্ঘদিন ধৰি কুলশীৰ বালি মহল অবৈধভাৱে চলি থকাত বুজন পৰিমানে চৰকাৰে ৰাজহ হেৰুৱাইছিল । ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰনক বুঢ়া আঙুলি দেখুৱাই বন বিভাগৰ সৈতে একাংশ বালি মাফিয়াই মিতিৰালি কৰি মেচিনেৰে বালি উঠাই আহিছে । এই অবৈধ বালি মহলটোৰ বিৰদ্ধে অভিযান চলাবলৈ যোৱা ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ সৈতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰে একাংশ বালি মাফিয়াই । মুঠৰ ওপৰত এতিয়া কুলশীত উঠি বহি ৰজা হৈ পৰিছে বালি মাফিয়া সকল । বালি মাফিয়া সকলোক অতি সোনকালে ৰোধ কৰিবলৈ চৰকাৰক আহ্বান জনাই একাংশ সচেতন লোকে ।
আনহাতে চৰকাৰৰ অংশী দল ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই বন বিভাগ এতিয়া কংকাল আখ্যা দিয়াৰ লগতে বনমন্ত্ৰী নাই বুলি তাচ্যিল্য কৰি মুখ্যমন্ত্ৰীৰ হস্তখেপ দাবী জনাইConclusion:লগতে যদিহে এই বনবিভাগতো সুচাৰুৰূপে চলাব নোৱাৰে তেতিয়া ৰাভা হাছংক স্বায়িত্ব শাসিত পৰিষদক গোটাই দিবলৈ আহ্বান জনাই ।

Bite .টংকেশ্বৰ ৰাভা ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.