ৰঙিয়া, 28 এপ্ৰিল : ৰঙিয়াত মহকুমা প্ৰশাসনৰ অভিযানত মঙলবাৰে ছীল হ’ল অবৈধভাৱে গুটখা বিক্ৰী কৰা ষ্টেচনেৰী এখন দোকান। ৰঙিয়াৰ ছ’চাইটি চ’কত থকা লক্ষ্মী ভাণ্ডাৰ নামৰ দোকানখন ছীল কৰে প্ৰশাসনে ।
জানিব পৰা মতে,লক ডাউনৰ সময়তো অবৈধভাৱে গোপনে অত্যাধিক দামত গুটখা কৰি আহিছিল লক্ষ্মী ভাণ্ডাৰৰ স্বত্বাধিকাৰীয়ে। অৱশেষত অভিযান চলাই প্ৰশাসনে স্বত্বাধিকাৰীক হাতে-লোটে ধৰা পেলোৱাৰ লগতে দোকানখনৰ পৰা বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰে আৰু দোকানখন ছীল কৰি দিয়ে ।