আমিনগাঁও, 26 মে’: সোমবাৰে নিশা আমিনগাঁৱত স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ কামৰূপ জিলাৰ কৰ'ণা সংক্ৰান্তীয় শেহতীয়া পৰিস্থিতিৰ বুজ লয় ৷ ৰে'ল, বাছ, আৰু বিমানেৰে অহা লোকসকলক কোৱাৰেণ্টাইন কৰিবলৈ ইতিমধ্যে কামৰূপ জিলা প্ৰশাসন সাজু হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।
ইফালে, জিলাখনত প্ৰশাসনে 1,900 লোকক কোৱাৰেণ্টাইন কৰিব পৰাৰ ব্যৱস্থা কৰা বুলিও মত পোষণ কৰে মন্ত্ৰীগৰাকীয়ে । আমিনগাঁৱত নিৰ্মাণৰত অৱস্থাত থকা এন.আৰ.চি.ৰ বিল্ডিংটো কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহৃত হোৱাৰ সম্ভাৱনা আছে । বিল্ডিটো পৰিদৰ্শন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে এই কথা ৷
লগতে পঢ়ক: গুৰুত্বপূৰ্ণ জাননী : ২৬ মে'ৰ পৰা বিতৰণ কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি