ETV Bharat / state

বদৰুদ্দিন আজমলক বুঢ়া আঙুলি দেখুৱালে হিমন্ত বিশ্ব শৰ্মাই - কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক

এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক বুঢ়া আঙুলি দেখুৱালে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই ৷ মঙলবাৰে কামৰূপ জিলাৰ আমিনগাঁৱত আলাবৈ ৰণৰ স্মৃতি সৌধ মুকলি কৰি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে । তদুপৰি মন্ত্ৰীগৰাকীয়ে আজমলক ভয় কৰি ৰাজনীতি কৰা নাই বুলি কৈ বদৰুদ্দিন আজমলে তেওঁৰ একো কৰিব নোৱাৰে বুলিও মন্তব্য কৰে ৷

Himanta Bishwa Sharma shows Badruddin Ajmal's thumb
বদৰুদ্দিন আজমলক বুঢ়া আঙুলি দেখুৱালে হিমন্ত বিশ্ব শৰ্মাই
author img

By

Published : Nov 10, 2020, 4:21 PM IST

গুৱাহাটী,10নৱেম্বৰঃ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক বুঢ়া আঙুলি দেখুৱালে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ মঙলবাৰে কামৰূপ জিলাৰ আমিনগাঁৱত আলাবৈ ৰণৰ স্মৃতি সৌধ মুকলি কৰি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।তদুপৰি মন্ত্ৰীগৰাকীয়ে আজমলক ভয় কৰি তেওঁ ৰাজনীতি কৰা নাই বুলি কৈ বদৰুদ্দিন আজমলে তেওঁৰ একো কৰিব নোৱাৰে বুলিও মন্তব্য কৰে ৷ উল্লেখ্য যে,দুদিন পূৰ্বে বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিখন থানাত গোচৰ ৰুজু কৰিব বুলি মন্তব্য কৰিছিল ৷

বদৰুদ্দিন আজমলক বুঢ়া আঙুলি দেখুৱালে হিমন্ত বিশ্ব শৰ্মাই

ইপিনে, শৰাইঘাট আলাবৈ ৰণৰ স্মৃতি সংৰক্ষণ সমিতিৰ উদ্যোগত নিৰ্মাণ কৰা স্মৃতি সৌধটো মুকলি কৰি মন্ত্ৰী গৰাকীয়ে বীৰ জোৱান সকলক স্মৰণ কৰে। কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক তথা শৰাইঘাট আলাবৈ ৰণৰ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি পাৰ্থ সাৰথি মহন্তৰ তত্ত্বাৱধানত নিৰ্মাণ হোৱা বিমূৰ্ত শিল্পটোৰ উন্মোচনী অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে মন্ত্ৰী গৰাকীয়ে । ইয়াৰ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম আৰক্ষীৰ তৰফৰ পৰা বীৰ শ্বহীদ সকলৰ প্ৰতি সামৰিক অভিবাদনো জ্ঞাপন কৰা হয়।

আনহাতে,মোগলৰ হকে যুঁজ দি অসম মাতৃক ৰক্ষাৰ বাবে এদিনৰ যুঁজত দহ হাজাৰ বীৰ যোদ্ধাই প্ৰাণ আহুতি দিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত যোদ্ধা সকলৰ পবিত্ৰ সোঁৱৰণত নিৰ্মাণ কৰা ৫০ ফুট উচ্চতাৰ সৌধটোৰ লগতে নিৰ্মাণ কৰা এখন স্মৰণিকাও উন্মোচন কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ অনুষ্ঠানত কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক আৰু কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তও উপস্থিত থাকে ।

লগতে পঢ়কঃ কোভিড প্ৰতিষেধক : বছৰৰ শেষলৈ আহিব পাৰে ভাল খবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.