ৰঙিয়া, 24 ছেপ্তেম্বৰ: চৰকাৰলৈ কাতৰ আহ্বান এটা অসহায় পৰিয়ালৰ ৷ ৰঙিয়াৰ হৰিয়ানদাব হৰিপুৰৰ এটা পৰিয়ালে পুত্ৰৰ চিকিৎসাৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ ৷ ইতিমধ্যেই পুত্ৰৰ চিকিৎসাৰ বাবে ধৰণী কুমাৰ আৰু হেমলতা কুমাৰ নামৰ দম্পতীয়ে ঘৰৰ মাটি, হালৰ গৰু বিক্ৰী সৰ্বস্বান্ত হৈছে যদিও, সেইয়া পৰ্যাপ্ত নহয় ৷ যাৰ বাবে বৰ্তমানেও তেওঁলোকে সুস্থ কৰি তুলিব পৰা নাই পাঁচ বছৰ বয়সৰ পৰাই বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা তেওঁলোকৰ কনিষ্ঠ পুত্ৰ ভাস্কৰ কুমাৰ (১৯)ক ৷
সন্তানৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা পৰিয়ালটো বৰ্তমান প্ৰয়োজন সহায়ৰ হাত ৷ কিয়নো ধনৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ ৰ'বলগীয়া হৈছে তেওঁলোক ৷ সংবাদ মাধ্যমযোগে পৰিয়ালটোৱে বিচাৰিলে চৰকাৰৰ লগতে কোনো হৃদয়বান লোকৰ সহায়ৰ হাত ৷ সহায় বিচাৰি কেমেৰাৰ সন্মুখতে হুকহুকাই উঠিল ৰুগীয়া পুত্ৰও ৷ কোনো লোকে যদি অসহায় পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে, ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ 2021010052456, UTBI0RNIH99 নম্বৰৰ একাউণ্টৰ জৰিয়তে কিছু আৰ্থিক অনুদান আগবঢ়াব পাৰে অসহায় পৰিয়ালটোক ৷
লগতে পঢ়ক: আৰ্থিক দীনতাই কোঙা কৰা মৰাণৰ এটা পৰিয়াল