ETV Bharat / state

ছয়গাঁৱত বিধায়ক ৰেকিবুদ্দিনৰ উদ্যোগত সাহায্য প্ৰদান - food distribution by rekibuddin Ahmed

মহামাৰী ক’ভিডৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে বিধায়ক ৰেকিবুদ্দিন আহমেদে ছয়গাঁও সমষ্টিৰ অন্তৰ্গত স্থানীয় শিল্পী, কলা-কুশলীৰ লগতে সাংবাদিক সকলক প্ৰদান কৰে আৰ্থিক সাহায্যৰ লগতে খাদ্য সামগ্ৰী ৷ কৰ’ণাৰ এই মহা সংকটৰ সময়ত যাত্ৰা দলৰ অভিনয়ৰ লগত জড়িত শিল্পী সকলৰ লগতে অঞ্চলটোৰ সংবাদকৰ্মী সকলক খাদ্য সামগ্ৰী আৰু আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়োৱাৰ কৰ্মক সকলোৱে কৰিছে ভূয়সী প্ৰশংসা ।

help-by-mla-rekibuddin-in-chaygaon
ছয়গাঁৱত বিধায়ক ৰেকিবুদ্দিনৰ উদ্যোগত সাহায্য প্ৰদান
author img

By

Published : Jun 1, 2021, 6:58 AM IST

ছয়গাঁও, 1 জুন : ৰাজ্যত কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ লগতে বিভিন্ন প্ৰান্তত প্ৰতিদিনে মৃত্যু হৈছে বহু লোক ৷ কৰ’ণাতংকৰ এই সময়ছোৱাত ছয়গাঁৱৰ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদে সমষ্টিটোৰ বিভিন্ন জনক আগবঢ়াই গৈছে সহায়ৰ হাত ।

বিগত দিনকেইটাত কণ্টেইনমেণ্ট জ’নত থকা বহু পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছে বিধায়ক গৰাকীয়ে ৷ তদুপৰি কৰ’ণা মহামাৰীৰ বাবে বিগত দুটা নাট্য বৰ্ষত যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা যাত্ৰা দলৰ লগত জড়িত শিল্পী তথা কলা-কুশলী সকলক বিধায়ক গৰাকীয়ে সোমবাৰে প্ৰদান কৰে আৰ্থিক সাহায্যৰ লগতে খাদ্য সামগ্ৰীও ৷

ছয়গাঁৱৰ গড়কাপ্তানি পৰিদৰ্শন বঙলাত বিধায়ক গৰাকীয়ে ৩৪ গৰাকী শিল্পীৰ লগতে ছয়গাঁৱৰ ১৬ গৰাকী স্থানীয় সাংবাদিককো বিধায়ক ৰেকিবুদ্দিন আহমেদে আৰ্থিক সাহায্যৰ লগত খাদ্য সামগ্ৰী প্ৰদান কৰে ৷ কৰ’ণা কালৰ এই মহা সংকটৰ সময়ত যাত্ৰা দলৰ অভিনয়ৰ লগত জড়িত শিল্পী সকলৰ লগতে সংবাদ মাধ্যমৰ লগত জড়িত সংবাদকৰ্মী সকলক বিধায়ক গৰাকীয়ে খাদ্য সামগ্ৰী আৰু আৰ্থিক সহায়ৰ হাত আগবঢ়োৱাৰ কৰ্মক সচেতন মহলে কৰিছে ভূয়সী প্ৰশংসা ।

উল্লেখ্য যে, আৰ্থিক সাহায্যৰ লগতে খাদ্য সামগ্ৰী প্ৰদান কৰাৰ সময়ত বিধায়ক গৰাকীৰ লগতে সহকাৰী আয়ুক্ত নন্দিতা চহৰীয়া আৰু চক্ৰ বিষয়া জয়ন্ত বৰাও উপস্থিত থাকে ৷

লগতে পঢ়ক : নৱজাতকক বিক্ৰী কৰি আৰক্ষীৰ জালত আশাকৰ্মী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.