ETV Bharat / state

বৰঝাৰ বিমানবন্দৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ

author img

By

Published : Jun 11, 2020, 6:03 PM IST

বৃহস্পতিবাৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ পৰিদৰ্শন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

health minister himanta biswa sarma visited guawahati airport

আজাৰা, 11 জুনঃ ৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে অতিক্ৰম কৰিছে 3 সহস্ৰাধিকলৈ ৷ যোৱা 25 মে'ৰ পৰা ঘৰুৱা বিমান সেৱা মুকলি কৰি দিয়াৰ পিচৰে পৰাই দৈনিক হাজাৰ হাজাৰ যাত্ৰীৰ আগমন ঘটিছে অসমলৈ ৷ যাত্ৰীৰ আগমণৰ সমান্তৰালকৈ ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷

বৰঝাৰ বিমানবন্দৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পিযুষ হাজৰিকাৰ

বৃহস্পতিবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ শেহতীয়া পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পিযুষ হাজৰিকাই ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰি,ৰাজ্যলৈ আগমণ ঘটা যাত্ৰী সকলৰ অধিকাংশই বিমানযোগে অহা ৷ বিমান বন্দৰটো সৰু বাবে যাত্ৰীৰ মাজত সামাজিক দুৰত্ব বৰ্তাই ৰখাত সমস্যা আহি পৰিছে বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ আগন্তুক দিনত কেৰালাৰ পৰা ৰে'ল আৰু বিমানযোগে 25000 গৰাকী লোক আহিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ পৰৱৰ্তী সময়ত স্বাৱ সংগ্ৰহ কৰি থকা কিৰণশ্ৰী গ্ৰেণ্ড হোটেলো পৰিদৰ্শন কৰে মন্ত্ৰী দুগৰাকীয়ে ৷

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছে নিজ গৃহলৈ উভতাই আনিলে ওদালগুৰিৰ সনাতন দাসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.