ETV Bharat / state

বিধায়কৰ যতন ল’বলৈ ২৪ ঘন্টাই দিছপুৰত থাকিব ডাক্তৰ-নাৰ্চ - Health care centre of assembly premises in new form

দিছপুৰৰ বিধায়ক আৱাস চৌহদত এতিয়াৰে পৰা জনপ্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ বাবে আৰম্ভ হ'ল বিৰামহীন স্বাস্থ্য সেৱা । শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই বিধায়ক আৱাস চৌহদত মুকলি কৰে এটা নতুন স্বাস্থ্য কেন্দ্ৰ । এই কেন্দ্ৰটোত বিধায়ক সকলৰ সেৱাৰ বাবে চৌব্বিশ ঘন্টাই থাকিব চাৰি গৰাকীকৈ চিকিৎসক, আঠ গৰাকীকৈ নাৰ্চ আৰু চাৰি গৰাকী ফাৰ্মাচিষ্ট ।

health-care-centre-of-assembly-premises-in-new-form
নতুন ৰূপত মুকলি হ'ল বিধানসভা চৌহদৰ স্বাস্থ্য সেৱা কেন্দ্ৰ
author img

By

Published : Aug 13, 2021, 10:34 PM IST

Updated : Aug 13, 2021, 10:39 PM IST

গুৱাহাটী,13 আগষ্ট : নতুন ৰূপত সজাই তোলা হৈছে অসম বিধানসভাৰ চৌহদত থকা স্বাস্থ্য সেৱা কেন্দ্ৰটো ৷ নতুন ৰূপ দিয়া এই স্বাস্থ্য সেৱা কেন্দ্ৰটো শুকুৰবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ এই স্বাস্থ্য কেন্দ্ৰটোত এতিয়াৰে পৰা ২৪ ঘন্টাই চিকিৎসা সেৱা উপলব্ধ হ'ব ৷ লগতে সপ্তাহত পাঁচ দিনকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অহা এগৰাকী বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰিব ৷ 24 ঘন্টাই থাকিব 4 গৰাকীকে চিকিৎসক,8 গৰাকীকৈ নাৰ্চ আৰু চাৰি গৰাকী ফাৰ্মাচিষ্ট ৷

health-care-centre-of-assembly-premises-in-new-form
বিশেষ হেল্থ কাৰ্ড উন্মোচন

উল্লেখ্য যে, কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপাধ্যক্ষ ডাঃ নোমল মমিন, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত,মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক সকল ৷ উক্ত অনুষ্ঠানতে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আনুষ্ঠানিকভাৱে এক হেল্থ কাৰ্ডৰো উন্মোচন কৰে ৷ এই হেল্থ কাৰ্ডৰ জৰিয়তে প্ৰতিজন বিধায়ক আৰু তেওঁৰ পৰিয়াল তথা অসম বিধান সভাৰ প্ৰতিজন সদস্যই এই চিকিৎসালয়খনত চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব ৷

কেন্দ্ৰটোত ফিজিঅ' থেৰাপী,লেবৰেট'ৰী আদিৰো সুবিধা কৰি দিয়া হৈছে । তদুপৰি চিকিৎসা কেন্দ্ৰটো ঔষধালয়ৰো ব্যৱস্থা আছে ৷

লগতে পঢ়কঃ তীব্ৰ বাদানুবাদৰ অন্তত বিধানসভাত গৃহীত গো-সুৰক্ষা বিধেয়ক

Last Updated : Aug 13, 2021, 10:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.