ETV Bharat / state

কাৰ স্বাৰ্থত অস্থায়ী কাৰ্যালয়ত চলি আছে হজ কমিটীৰ কাম-কাজ ! - Islam community

কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই হজ ভৱনটো বৰ্তমানলৈকে কাৰ্যকৰী হৈ নুঠাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । প্ৰকৃততে কাৰ হেমাহিৰ বাবে বৰ্তমানো এনেদৰে পৰিত্যক্ত অৱস্থাত পৰি আছে ভৱনটো? হজ কমিটীৰ বিৰুদ্ধেও অভিযোগৰ আঙুলি টোৱাইছে একাংশ ৰাইজে । লগতে চৰকাৰে কোটি টকা খৰচ কৰিও এনেদৰেই হজ ভৱনটো পেলাই ৰখাত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা মুছলমান সমাজে ৷

কাৰ স্বাৰ্থত অস্থায়ী কাৰ্যালয়ত চলি আছে হজ কমিটিৰ কাম কাজ !
author img

By

Published : Jul 11, 2019, 5:37 PM IST

কামৰূপ,11জুলাইঃ পৰিত্যক্ত অৱস্থাত জালুকবাৰীৰ হজ ভৱন । নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে যদিও বৰ্তমানো ব্যৱহৃত হোৱা নাই ভৱনটো । যাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত ক্ষোভ মুছলমান সমাজৰ । উল্লেখ্য যে সংখ্যালঘু ৰাইজ আৰু মুছলমান সংগঠনৰ দাবীত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মহানগৰীৰ জালুকবাৰীত স্থাপন কৰিছিল হজ ভৱনটো । কিন্তু প্ৰায় সম্পূৰ্ণ হোৱা ভৱনটো বৰ্তমানো ব্যৱহৃত নোহোৱাত জহি-খহি গৈছে অত্যাধুনিক হজ ভৱনটো । তাৰোপৰি ৰাজহুৱা প্ৰস্ৰাৱগাৰলৈ পৰ্যবসিত হৈছে ভৱনটোৰ চৌহদ । স্থায়ী ভৱনটোৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছতো ইছলামপুৰৰ অস্থায়ী কাৰ্যালয়ৰ পৰা হজ কমিটীৰ কাম-কাজ চলি থকাত ৰহস্যৰ গোন্ধ পাইছে একাংশ সচেতন লোকে ৷

কাৰ স্বাৰ্থত অস্থায়ী কাৰ্যালয়ত চলি আছে হজ কমিটিৰ কাম কাজ !

ইপিনে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই হজ ভৱনটো বৰ্তমানলৈকে কাৰ্যকৰী হৈ নুঠাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । প্ৰকৃততে কাৰ হেমাহিৰ বাবে বৰ্তমানো এনেদৰে পৰিত্যক্ত অৱস্থাত পৰি আছে ভৱনটো? হজ কমিটীৰ বিৰুদ্ধেও অভিযোগৰ আঙুলি টোৱাইছে একাংশ ৰাইজে । লগতে চৰকাৰে কোটি টকা খৰচ কৰিও এনেদৰেই হজ ভৱনটো পেলাই ৰখাত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা মুছলমান সমাজে ৷

Intro:পৰিতক্ত অৱস্থাত জালুকবাৰীৰ হজ ভৱন। নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে যদিও আজিও ব্যৱহৃত হোৱা ভৱনটো। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত ক্ষোভ মুছলিম সমাজৰ। সংখ্যালঘু ৰাইজ আৰু মুছলিম সংগঠনৰ দাবীত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মহানগৰীৰ জালুকবাৰীত স্থাপন কৰিছিল হজ ভৱনটো। নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও আজিও ব্যৱহৃত হোৱা নাই ভৱনটো। যাৰ ফলত এতিয়া জহি খহি গৈছে অত্যাধুনিক হজ ভৱন। তাৰোপৰি ৰাজহুৱা প্ৰস্ৰাৱগাৰলৈ পৰ্যবসিত হৈছে ভৱনটোৰ চৌহদ। ইফালে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই হজ ভৱন আজিলৈ কাৰ্যকৰী হৈ নুঠাত ক্ষোভ স্থানীয় ৰাইজৰ। প্ৰকৃততে কাৰ হেমাহিৰ বাবে আজিও এনেদৰে পৰিতক্ত অৱস্থাত পৰি আছে ভৱনটো। হজ কমিটিৰ বিৰুদ্ধেও অভিযোগৰ আঙুলি টোৱাছে একাংশই।

Body:এই ক্ষেত্ৰত এক চিণ্ডিকেট গঢ়ি উঠাৰো অভিযোগ উত্থাপিত হৈছে। সেই বাবেই গুৱাহাটীৰ ইছলামপুৰৰ হাজীমুছাফিৰ খানাত অস্থায়ীভাৱে হজ কমিটিৰ কামকাজ চলি আছে বুলি মন্তব্য কৰে ক্ষুব্ধ ৰাইজে। এতিয়া প্ৰশ্ন হয় কিয় চৰকাৰে কোটি টকা খৰছ কৰিও এনেদৰেই পেলাই ৰাখিছে হজ ভৱন। ইয়াৰ আঁৰত আছে নেকি কাৰোবাৰ ন্যস্ত স্বাৰ্থ।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.