ETV Bharat / state

Golden jubilee celebration: বৃহত্তৰ নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ লাই খুঁটা স্থাপন - Narengi Anchalik Rongali Bihu Sanmilan

নঙলাৰ মুখত ৰঙালী বিহু ৷ বুধবাৰে সোণালী জয়ন্তী বৰ্ষ গৰকা নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলন লাই খুঁটা স্থাপন আৰু বিহু কাৰ্যালয় মুকলি কৰা হয়(Foundation stone laid of bihu program) ৷ (Golden jubilee celebration)৷

বৃহত্তৰ নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ লাই খুঁটা স্থাপন

author img

By

Published : Mar 23, 2023, 7:45 PM IST

বৃহত্তৰ নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ লাই খুঁটা স্থাপন

গুৱাহাটী, ২৩ মাৰ্চ: সমাগত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু (Rangali bihu 2023)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহু সমিতিসমূহৰ লগতে ৰঙালী বিহু উদযাপনৰ বাবে সাজু হৈছে সোণালী জয়ন্তী বৰ্ষ গৰকা নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলন (Golden jubilee celebration) ৷ সোণালী জয়ন্তী উপলক্ষে নাৰেংগী বিহু সন্মিলনে অনাগত ১৫ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈ পাঁচদিনীয়া কাৰ্যসূচীৰে নাৰেংগী উন্নয়ন সমিতিৰ বাকৰিত অনুষ্ঠিত কৰা হ’ব সোণালী জয়ন্তী বৰ্ষৰ বিভিন্ন কাৰ্যসূচী (Narengi Anchalik Rongali Bihu Sanmilan) ৷

এই উপলক্ষে বুধবাৰে নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলন লাই খুঁটা স্থাপন আৰু বিহু কাৰ্যালয় মুকলি কৰা হয়(Foundation stone laid of bihu program) ৷ আয়তীৰ উৰুলি আৰু পুৰাহিতৰ মন্ত্ৰ উচ্চাৰণৰ মাজৰে বিহুৰ লাই খুঁটা স্থাপন কৰে দিছপুৰ সমষ্টিৰ বিধায়ক তথা বিহু উদযাপন কমিটিৰ সভাপতি অতুল বৰাই ৷ আনহাতে বিহু কাৰ্যালয় মুকলি কৰে স্থানীয় ব্যৱসায়ী তথা লায়ন্স ক্লাব, গুৱাহাটীৰ সভাপতি অজয় পোদ্দাৰে ৷ লাই খুঁটা স্থাপন আৰু কাৰ্যালয়ত মুকলি অনুষ্ঠানত উপস্থিত থাকে নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ কাৰ্যকৰী সভাপতি ফণীধৰ দাস, সাধাৰণ সম্পাদক কমল চন্দ্ৰ বৰাকে ধৰি উদযাপন কমিটিৰ বিষয়ববীয়া তথা স্থানীয় লোক ৷

এইবেলি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himnta Biswa Sarma) নিৰ্দেশনা অনুসৰি নাৰেংগী আঞ্চলিক ৰঙালী বিহু সমিতিয়ে পাৱাৰলুমৰ গামোচা বৰ্জন কৰি থলুৱা গামোচা ব্যৱহাৰ কৰি বিহু উদযাপন কৰিবলৈ পন্থা হাতত লৈছে বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে ৷ নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হৈছে আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বিহুৱা ৰঞ্জিত গগৈৰ বিহু নৃত্যৰ অনুষ্ঠান, জিনা ৰাজকুমাৰী, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, জে পি দাস, মনিষা হাজৰিকা, কুইন দাস, নমিতা ভট্টাচাৰ্য, সমৰ হাজৰিকা, ডাৱৰ হাজৰিকা আৰু দেৱজিৎ বৰাৰ সংগীতৰ অনুষ্ঠান ৷

লগতে পঢ়ক: Super Acceleration Erickshaws : অসম সৌৰভ ডঃ বিনয় কুমাৰ শইকীয়াৰ নৱতম আৱিষ্কাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.