ETV Bharat / state

পখিলা খেদা বয়সত মৃত্যুৰে যুঁজিছে এগৰাকী পিতৃহাৰা কণমানি - guwahati

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিচনাত জীৱন মৃত্যুৰে যুঁজিছে কণমানি জ্যোতিস্মিতা দাসে। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে উন্নত চিকিৎসাৰ বাবে এতিয়া সকলোৰে সহায় ভিক্ষা মাগিছে ৷

পখিলা খেদা বয়সত মৃত্যুৰে যুঁজিছে এগৰাকী পিতৃহাৰা কনমানিয়ে
author img

By

Published : Jun 29, 2019, 2:01 PM IST

গুৱাহাটী, 29জুনঃ মহানগৰীৰ গাড়ীগাঁও শ্লুইচগেটৰ এগৰাকী কণমানি। পখিলা খেদাৰ বয়সতে কণমানি গৰাকী আক্ৰান্ত জটিল ৰোগত। চিকিৎসালয়ৰ বিচনাত জীৱন মৃত্যুৰে যুঁজিছে কনমাণি জ্যোতিস্মিতা দাসে। যোৱা কেইবাদিনো ধৰি বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে ৬ বছৰীয়া কণমানিগৰাকী । পিতৃহাৰা কণমানিজনীৰ চিকিৎসাৰ নামত ইতিমধ্যেই বহু ধন ব্যয় হৈছে । বর্তমান দুৰ্ভগীয়া পৰিয়ালটিৰ নাই উন্নত চিকিৎসাৰ বাবে সাঁচতীয়া ধন । ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৃক্ক ৰোগৰ উন্নত চিকিৎসা নাই বাবে কণমানিজনীক বহিঃৰাজ্যলৈ নিয়াৰ পৰামৰ্শ দিছে যদিও এতিয়াও উন্নত চিকিৎসাৰ বাবে ধন ব্যয় কৰিব পৰা সামৰ্থ নাই পৰিয়ালৰ । সেয়ে পৰিয়ালটোৱে উন্নত চিকিৎসাৰ বাবে এতিয়া সকলোৰে সহায় ভিক্ষা মাগিছে ৷

Intro:মহানগৰীৰ গাড়ীগাঁও শ্লুইচগেটৰ এগৰাকী কণমানি। পখিলা খেদা বয়সতে কণমানিগৰাকী আক্ৰান্ত জটিল ৰোগত। চিকিৎসালয়ৰ বিছনাত জীৱন মৃত্যুৰে যুঁজিছে কণমানি জ্যোতিস্মিতা দাসে। যোৱা কেইবাদিনো ধৰি বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে ৬বছৰীয়া কণমানিগৰাকী। পিতৃহাৰা কণমানিটোৰ চিকিৎসাৰ নামত ইতিমধ্যেই বহু ধন ব্যয় হৈছে। বর্তমান দুৰ্ভগীয়া পৰিয়ালটিৰ নাই উন্নত চিকিৎসাৰ বাবে সাঁচতীয়া ধন। GMCH হস্পিতালত বৃক্ক ৰোগৰ উন্নত চিকিৎসা নাই বাবে কণমানিটিক বহিঃৰাজ্যলৈ নিয়াৰ পৰামৰ্শ দিছে যদিও এতিয়া উন্নত চিকিৎসাৰ বাবে ধন ব্যয় কৰিব পৰা সামৰ্থ নাই কণমানিটোৰ পৰিয়ালৰ। পিতৃহাৰা কণমানি জ্যোতিস্মিতাক এতিয়া প্ৰয়োজন অকনমান চৰকাৰ তথা ৰাইজৰ সঁহাৰি। ইতিমধ্যেই স্থানীয় কণ্ঠশিল্পী কুমাৰ ধীৰাজৰ সহযোগত গাড়ীগাঁৱৰ অঞ্চলৰ ৰাইজে দান বৰঙণি তুলি পৰিয়ালটোক কিছু সকাহ দিবলৈ চেষ্টা কৰিছে। কিন্তু কণমানি জনীৰ জীৱন ৰক্ষাৰ বাবে আপুনিও আৰ্থিকভাৱে সহায় কৰিব বিছাৰিলে মাতৃ ৰীণা কাকতিৰ SBIৰ গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ 10243233820 নম্বৰ একাউণ্ট, IFSC SBINOOO2060ত কৰিব আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে। অথবা যোগাযোগ কৰিব পাৰে 8638126228 নম্বৰত। আপোনাৰ অকণমান সঁহাৰিয়ে হয়টো অকালতে মৰহি যোৱা ফুলপাহ পুণৰ ঠন ধৰি উঠাব পাৰে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.