ETV Bharat / state

বাইহাটাৰ পঞ্চায়ত এলেকাত ছেনিটাইজেশ্যন - baihata

'আমাৰ গাঁও আমাৰ আঁচনি' নামেৰে শিক্ষানুষ্ঠান তথা ধৰ্মীয় অনুষ্ঠান বীজাণুমুক্ত কৰাৰ বাবে বাইহাটা চাৰিআলিৰ গাঁও পঞ্চায়ত সমূহৰ বিশেষ পদক্ষেপ গ্ৰহণ ৷ কমলপুৰৰ বৰডেকপাৰ গাঁও পঞ্চায়তৰ অধীনৰ সকলোবোৰ অনুষ্ঠানৰে ছেনিটাইজেশ্যন সম্পন্ন ৷ চতুৰ্দশ বিত্তীয় আয়োগৰ ২য় কিস্তিৰ ধনৰ দহ শতাংশৰে ছেনিটাইজ কৰাৰ বাবে পঞ্চায়ত সমূহক নিৰ্দেশ ৷

বাইহাটাৰ পঞ্চায়ত এলেকাত ছেনিটাইজকৰণ
বাইহাটাৰ পঞ্চায়ত এলেকাত ছেনিটাইজকৰণ
author img

By

Published : Sep 18, 2020, 6:28 PM IST

কামৰূপ, 18 চেপ্তেম্বৰ: ক'ৰণাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি 'আমাৰ গাঁও আমাৰ আঁচনি' নামেৰে শিক্ষানুষ্ঠান সমূহ বীজাণুমুক্ত কৰাৰ বাবে বাইহাটা চাৰিআলিৰ গাঁও পঞ্চায়ত সমূহৰ বিশেষ পদক্ষেপ গ্ৰহণ ৷ ক'ৰণা অতিমাৰীৰ পৰিপ্ৰেক্ষিতত বন্ধ থকা শিক্ষানুষ্ঠান সমূহত 21 চেপ্তেম্বৰৰ পৰা পুনৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা প্ৰায় নিশ্চিত হোৱাৰ লগে লগে শিক্ষানুষ্ঠানসমূহ ছেনিটাইজ কৰাৰ বাবে বাইহাটা চাৰিআলিৰ গাঁও পঞ্চায়তসমূহে দায়িত্ব গ্ৰহণ কৰিছে ৷

বাইহাটাৰ পঞ্চায়ত এলেকাত ছেনিটাইজকৰণ

উল্লেখ্য যে চৰকাৰে চতুৰ্দশ বিত্তীয় আয়োগৰ ২য় কিস্তিৰ ধনৰ দহ শতাংশ ধন বিদ্যালয়,মহাবিদ্যালয়,কাৰ্যালয় আদিৰ লগতে বিভিন্ন ধৰ্মীয় অনুষ্ঠান সমুহ ছেনিটাইজ কৰাৰ বাবে পঞ্চায়ত সমূহক দায়িত্ব অৰ্পণ কৰিছে ৷ এই নিৰ্দেশ মৰ্মেই কমলপুৰৰ বৰডেকপাৰ গাঁও পঞ্চায়তে পঞ্চায়তৰ অধীনৰ সকলোবোৰ অনুষ্ঠান ছেনিটাইজ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ছেনিটাইজকৰণৰ বাবে ৰেড এণ্ড ব্লু নামৰ এটা প্ৰতিষ্ঠানক সমগ্ৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷ প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে পঞ্চায়তৰ অধীনৰ প্ৰায় কুৰিখনৰো অধিক বিদ্যালয় ছেনিটাইজ কৰাৰ উপৰিও 30 ৰ পৰা 40 খন ধৰ্মীয় অনুষ্ঠানো ছেনিটাইজ কৰে ৷
লগতে পঢ়ক: 6 বছৰ ধৰি বিকলাৱস্থাত ৰঙিয়াৰ পানী যোগান আঁচনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.