ছয়গাঁও,৫ জুন: ছয়গাঁও আৰক্ষীৰ জালত গাঞ্জা ব্যৱসায়ী । ছয়গাঁও আৰক্ষীয়ে শুকুৰবাৰে নিশা গৰৈমাৰীৰ সমীপৰ কানাহাৰাত অভিযান চলায় । ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত চলা এই অভিযানত এই অভিযানৰ সময়তে আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ী ইছামুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে ধৃত ব্যৱসায়ীজনৰ ঘৰৰ পৰা আধা কেজি গাঞ্জা জব্দ কৰে । জানিব পৰা মতে, ইছামুদ্দিন আহমেদে দীৰ্ঘদিন ধৰি নিজৰ ঘৰৰ পৰাই গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷
উল্লেখ্য যে, বৰ্তমান নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে অভিযান তীব্ৰতৰ কৰি তুলিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনেই আৰক্ষীৰ জালত পৰিছে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ৰে জড়িত থকা অসাধু লোক ।