ETV Bharat / state

ৰঙিয়াস্থিত এছএছবি ক্ষেত্ৰীয় কাৰ্যালয়ত বাহিনীটোৰ 57তম প্ৰতিষ্ঠা দিৱস পালন - ভাৰত-নেপাল সীমান্তৰ সুৰক্ষা

ৰঙিয়াত সশস্ত্ৰ সীমা বলৰ 57 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন ৷ ভাৰত-নেপাল আৰু ভাৰত-ভূটান সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা বাহিনীটোৱে দেশৰ সুৰক্ষাত বিশেষ ভূমিকা পালন কৰি আহিছে ৷

ৰঙিয়াস্থিত এছএছবি ক্ষেত্ৰীয় কাৰ্যালয়ত পালন বাহিনীটোৰ 57তম প্ৰতিষ্ঠা দিৱস

author img

By

Published : Dec 20, 2020, 8:51 PM IST

ৰঙিয়া, 20 ডিচেম্বৰ : আজি সশস্ত্ৰ সীমা বলৰ ৫৭ তম প্ৰতিস্থা দিৱস । এই উপলক্ষে সমগ্ৰ ভাৰতৰ বাহিনীটোৰ মুখ‍্যালয়সমূহৰ লগতৈ ৰঙিয়াস্থিত এছএছবি ক্ষেত্ৰীয় মুখ্যালয়ত এক বৰ্ণাঢ্য কাৰ্য‍সূচীৰ আয়োজন কৰা হয় ।

প্ৰতিষ্ঠা দিৱস উপলক্ষে জোৱানৰ সংগীতানুষ্ঠান

ডিআইজি জগদ্বীপ পাল সিঙে বাহিনীটোৰ বুৰঞ্জীৰ ওপৰত আলোকপাত কৰে । কেতিয়া কেনেদৰে এই বাহিনীটোৰ আৰম্ভণি হৈছিল এই বিষয়ে ব‍্যাখ‍্যা কৰি উপস্থিত জোৱানসকলক আগন্তুক দিনত দেশৰ হকে কাম কৰি যাবলৈ আহ্বান জনায় । ইয়াৰ পিছত জোৱানসকলে সংগীতানুষ্ঠান পৰিবেশন কৰে । অনুষ্ঠানটোত কণ কণ শিশুৱেও অংশগ্ৰহণ কৰে ।

ডিআইজি জগ্দীপ পাল সিং

উল্লেখযোগ্য যে, সশস্ত্ৰ সীমা বলৰ প্ৰতিষ্ঠা হৈছিল ১৯৬৩ চনত । ২০০১ চনৰ পৰা ভাৰত আৰু নেপাল সীমান্তৰ লগতে ভাৰত-ভূটান সীমান্তৰ পহৰাৰ দায়িত্ব এই বাহিনীৰ হাতত অৰ্পণ কৰা হৈছে । দেশৰ সীমান্তৰ সুৰক্ষাৰ উপৰিও উগ্ৰপন্থী বিৰোধী অভিযান, নক্সাল অভিযান আদিৰ লগতে আভ্যন্তৰীণ সুৰক্ষাৰ দিশটোত বিশেষ ভূমিকা পালন কৰি আহিছে বাহিনীটোৱে ৷

লগতে পঢ়ক : সেনাই উদ্ধাৰ কৰিলে বৰফত পোত যোৱা বাহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.