ৰঙিয়া, 22 জানুৱাৰী : ৰাজ্যত বৰ্তমানেও বৃহৎ মানৱ সৰবৰাহকাৰী চক্ৰৰ কাৰ্য-কলাপ অব্যাহত আছে । কৰ্ম সংস্থানৰ প্ৰলোভনেৰে প্ৰায়ে মানৱ সৰবৰাহকাৰী চক্ৰৰ টাৰ্গেটত পৰি নিখোজ হৈছে ৰাজ্যৰ বহু যুৱক-যুৱতীসহ কিশোৰ-কিশোৰী ।
শেহতীয়াকৈ ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ বিভিন্ন কাৰ্য-কলাপ (Human Trafficking at Rangia) পোহৰলৈ আহিছে ৷ শুকুৰবাৰে নিশা ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা কিশোৰসহ 11 গৰাকীকৈ লোক উদ্ধাৰ হৈছে (11 people rescued from human trafficking at Rangia ) ৷
ৰঙিয়া ষ্টেচনৰ সমীপৰ কৰিয়াৰাৰ মানৱ সৰবৰাহকাৰী নজৰুল আলী ওৰফে পকেটৰ ঘৰত আৰক্ষীয়ে অতৰ্কিতে অভিযান চলায় ৷ এই অভিযানত ৰঙিয়া আৰক্ষীয়ে 4 জনকৈ মানৱ সৰবৰাহকাৰীক আটক কৰে (Rangia police arrested Human Traffickers) ৷ আটকাধীন চাৰি মানৱ সৰবৰাহকাৰী কেইজন ক্ৰমে, ৰাজু কলিতা, জ্যোতি মেধি, সুৰেশ আৰিয়া আৰু আইজুল আলী জানিব পৰা গৈছে ৷
পিছে এই ঘটনাৰ লগত জড়িত মূল অভিযুক্ত নজৰুল আলী ওৰফে পকেট আৰক্ষী অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে মানৱ সৰবৰাহকাৰী তথা মূল অভিযুক্ত নজৰুল আলী ওৰফে পকেটৰ সন্ধান নামি পৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, সৰবৰাহকাৰীয়ে আটাইকেইজনকে জম্মু-কাশ্মীৰত কাম দিয়াৰ প্ৰলোভনেৰে লৈ আহি এটা ৰঙিয়াৰ এটা গৃহত আৱদ্ধ কৰি ৰাখিছিল ৷ তেনে অৱস্থাতে আৰক্ষীয়ে অভিযান চলাই তেওঁলোকক উদ্ধাৰ কৰে ।
এই ঘটনাৰ পাচতেই সৰবৰাহকাৰীসহ উদ্ধাৰ কৰা আটাইকেইজনক ৰঙিয়া থানালৈ লৈ আহে আৰক্ষীৰ দলটোৱে । উল্লেখ্য যে, দৰিদ্ৰতাৰ সুযোগ লৈ এচাম পৰিয়ালৰ কিশোৰ-কিশোৰীক মানৱ সৰবৰাহকাৰী চক্ৰই এনেদৰে বহিঃৰাজ্যত বিক্ৰী কৰি আহিছে ।
লগতে পঢ়ক : Kaliabar Road accident: কলিয়াবৰৰ দেওচুৰত ভয়ংকৰ পথ দুৰ্ঘটনা