গুৱাহাটী, 1 ছেপ্তেম্বৰ : 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব ৷ আভ্যন্তৰীণ কন্দলৰে জৰ্জৰিত কংগ্ৰেছ দলে আগন্তক নিৰ্বাচনত মাত্ৰ 10 খন আসন লাভ কৰিব ৷ লগতে, কংগ্ৰেছ দলে অতি কমেও 15 বছৰ শাসনলৈ আহিব নোৱাৰে ৷ এই মন্তব্য প্ৰাক্তন কংগ্ৰেছী নেতা দুলু আহমেদৰ ৷
আনহাতে, কংগ্ৰেছৰ বহু শীৰ্ষ নেতাৰ বহু কেলেংকাৰী আছে বুলিও অভিযোগ তুলিছে যুৱ নেতা গৰাকীয়ে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী শীৰ্ষ কংগ্ৰেছ নেতাৰ কেলেংকাৰী তথ্য সহকাৰে নিৰ্বাচনৰ প্ৰাকক্ষণত ফাদিল কৰাৰ হুংকাৰ প্ৰদান কৰে দুলু আহমেদে । এই কেলেংকাৰী ফাদিল হ'লে সমগ্ৰ ৰাজ্যতে তোলপাৰ লাগিব বুলি এক প্ৰকাৰ সতৰ্কবাণী দিয়ে প্ৰাক্তন কংগ্ৰেছী নেতা গৰাকীয়ে । লগতে, কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকো তীব্ৰ ভাষাৰে সমালোচনা কৰে দুলু আহমেদে ।
শীঘ্ৰেই নতুন দলত যোগদানৰ খবৰ ৰাজহুৱা কৰিব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰিলে যুৱ নেতা গৰাকীয়ে । লগতে, ছয়গাঁৱৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে দুলু আহমেদে ।
লগতে পঢ়ক : সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গৰজি উঠিছে গোলাঘাটৰ বিভিন্ন দল-সংগঠন