ETV Bharat / state

উৎকোচ লৈ থাকোতেই গ্ৰেপ্তাৰ বন বিষয়াক

দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে ছয়গাঁৱৰ এগৰাকী বন বিষয়া ৷ উৎকোচ লোৱা অৱস্থাতে গ্ৰেপ্তাৰ ৰেঞ্জাৰ লক্ষেশ্বৰ দাস ৷

forest ranger arrested
forest ranger arrested
author img

By

Published : Dec 24, 2020, 7:14 AM IST

বকো, 24 ডিচেম্বৰ : ছয়গাঁৱত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে এগৰাকী বন বিষয়া ৷ বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ ৰেঞ্জাৰ লক্ষেশ্বৰ দাসক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই ৷ উৎকোচ লৈ থকাৰ সময়ত হাতে-লোটে ধৰা পৰে বন বিষয়াগৰাকী ৷

প্ৰাপ্ত তথ্য অনুসৰি, বন বিভাগে জব্দ কৰা বালি ভৰ্তি ডাম্পাৰ মুকলি কৰি দিয়াৰ বাবদ উৎকোচ বিচাৰিছিল বিষয়া গৰাকীয়ে ৷ 60 হাজাৰ টকা বিচাৰিছিল ডাম্পাৰৰ গৰাকীক ৷ এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰা হৈছিল ৷ চাহাবুল ইছলাম নামৰ ব্যক্তিগৰাকীয়ে বন বিষয়া লক্ষেশ্বৰ দাসক ধন উৎকোচ দিয়াৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দল উপস্থিত হৈ হাতে-লোটে ধৰা পেলাই বিষয়া গৰাকীক ৷

উৎকোচ লৈ থাকোতেই গ্ৰেপ্তাৰ বন বিষয়াক

গ্ৰেপ্তাৰ হোৱা বিষয়া গৰাকীয়ে কেমেৰাৰ সন্মুখত বিভিন্ন অজুহাত দেখুৱাই নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিব খুজিছে যদিও, তেওঁ প্ৰকৃততে দোষী হয় নে নহয় সেয়া তদন্তৰ অন্ততহে নিশ্চিত হ’ব ৷ ইপিনে বিষয়াগৰাকীক হাতে-লোটে ধৰাৰ আনন্দত স্থানীয় ৰাইজে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখা জিন্দাবাদ ধ্বনি দি আতচবাজী ফুটাই উল্লাস কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকক কৰায়ত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.