আজাৰা, 12 জুলাই : পলাশবাৰীৰ দখলাত দুদিন ধৰি আশ্ৰয় লৈ থকা বন্য হস্তীক স্থানন্তৰৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে বন বিভাগৰ বিৰুদ্ধে ৷ যাৰ ফলত অঞ্চলটোৰ শ শ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদত উত্তাল কৰে পৰিবেশ । বনবিভাগৰ লোকে দূৰৈৰ পৰা চাই থাকিয়েই দায়িত্ব সামৰিব বিছৰাৰ ক্ষোভত ফাটি পৰে ৰাইজ । উপস্থিত থকা বন বিভাগৰ বিষয়া কৰ্মচাৰীক ঘেৰাও কৰি বিভিন্ন ধৰণৰ প্ৰশ্নৰে ব্যতিব্যস্ত কৰে ৰাইজে।
উল্লেখ্য যে শনিবাৰে পুৱাই পলাশবাৰীৰ দখলা ক'লনীত মহাবাহু ব্ৰহ্মপুত্ৰ বুকুৰে উটি অহা বন্যহস্তী পাৰত উঠি আতংকময় পৰিবেশৰ সৃষ্টি কৰাৰ পাচতো দুদিনধৰি বনবিভাগে একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। স্থানীয় লোকে ধাৰণা কৰা মতে কাজিৰঙাৰ পৰা পানীৰ প্ৰবল সোঁতত উটি আহি দখলা ক'লনীত হাতীটোৱে নিজে নিজে পাৰলৈ উঠি আহি এতিয়া ইখন গাঁৱৰ পৰি সিখন গাঁৱলৈ বিচৰণ কৰি সৃষ্টি কৰিছে ভয়ানক পৰিস্থিতিৰ ।
কেবাটাও পৰিয়ালৰ বাস গৃহ দোকান আদি ভাঙি পেলোৱাৰ লগতে খেতি বাতি তহিলং কৰি আছে । পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন বিষয়া কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ দূৰৈৰ পৰাই দৃশ্যবোৰ প্ৰত্যক্ষ কৰি ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰ হৈ থকাহে দেখা গ'ল । যিকোনো মুহুৰ্তত চুবুৰীয়া লোকসকলে বন্য হস্ততীটোৰ আক্ৰমণৰ বলী হোৱাৰ আকংশা কৰিছে । মাইকী গাভিনী হাতী বুলি ধাৰণা কৰা বনবিভাগে দুদিনধৰি কি কাৰণত একো ব্যৱস্থা হাতত লোৱা নাই তাক লৈ সৃষ্টি হৈছে ৰহস্য । এনেদৰে থাকিলে বৃহত্তৰ দখলা অঞ্চলটোত যে ব্যাপক ক্ষতি সাধন কৰিব সেয়া নিশ্চিত । সম্প্ৰতি বন্য হস্তীটোৱে নৈ পৰীয়া জংঘলত আশ্ৰয় লৈ আছে ।
লগতে পঢ়ক : গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰিলে ব্ৰহ্মপুত্ৰৰ জলস্তৰে