ETV Bharat / state

বগৰীবাৰীত কৃষকৰ হা-হুমুনিয়াহ

ভৰ বাৰিষাৰ পথাৰত কৃষকৰ ব্যস্ততা বঢ়াৰ সময়তে ৰঙিয়াৰ এক বিস্তীৰ্ণ অঞ্চলৰ কৃষকে মূৰে-কপালে হাত দি হুমুনিয়াহ কাঢ়ি দিন পাৰ কৰিছে ৷ কাৰণ বালিয়ে পুতি পেলাইছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি ৷

author img

By

Published : Jul 18, 2021, 5:47 PM IST

farmers-of-rangia-in-distress-after-flood-destroyed-thousand-acres-of-croplands
ৰঙিয়াৰ বগৰীবাৰীত কৃষকৰ হুমুনিয়াহ

ৰঙিয়া, 18 জুলাই : ভৰ বাৰিষা আৰম্ভ হোৱাৰ লগে লগে খেতিপথাৰত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ প্ৰতিখন জিলাৰ কৃষক-ৰোৱনী ৷ বাৰিষাৰ পথাৰত সময়ৰ কঠিয়া সময়ত ৰুই শেষ কৰাৰ উদ্দেশ্য শাওণৰ পথাৰত ব্যস্ততা বাঢ়িছে কৃষক ৰাইজৰ ৷ কিন্তু খেতিৰ এই ভৰপক সময়ত মূৰে-কপালে হাত দি হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে ৰঙিয়াৰ বগৰীবাৰীৰ কৃষকসকলে ৷ পুঠিমাৰী নৈৰ বানে অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষি ভূমি নষ্ট কৰি পেলোৱাৰ পাছত অসহায় হৈ পৰিছে অঞ্চলটোৰ হাজাৰৰো অধিক কৃষক ৷

উল্লেখ্য যে, এবছৰ পূৰ্বে বগৰীবাৰীত পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে মথাউৰি চিঙি নিয়াৰ পিছৰে পৰা বালিৰে ভৰি পৰিছে খেতিপথাৰ ৷ ঠায়ে ঠায়ে পাঁচৰ পৰা সাত ফুট পৰ্যন্ত বালিয়ে পুতি পেলাইছে পথাৰসমূহ ৷ পুঠিমাৰী নৈৰ প্ৰলয়ংকৰী বানে অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষি ভূমি নষ্ট কৰি পেলোৱাৰ পাছতে দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল ৷ পেটৰ তাড়নাত উপায়হীন হৈ দিন-হাজিৰা কৰিবলৈ বাধ্য হৈছে খেতিয়কসকল ৷

ৰঙিয়াৰ বগৰীবাৰীত কৃষকৰ হুমুনিয়াহ

বৰ্তমান সময়ত এসাঁজ খাই এসাঁজ লঘোণে থাকি কোনোমতে জীয়াই আছে দুৰ্ভগীয়া কৃষকসকল ৷ ভূতৰ ওপৰত দানহ পৰাদি বৰ্তমান চলি থকা লক ডাউনে দুগুণে বিপদ চপাই আনিছে অঞ্চলটোৰ ৰাইজলৈ ৷ জীৱিকাৰ মূল সম্বল সপোনৰ ধাননি পথাৰখন পানীৰ তলত থকাত পেটত গামোচা বান্ধি কষ্টকৰ দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে অঞ্চলটোৰ হেজাৰৰো অধিক কৃষকে ৷

অঞ্চলটোৰ ৰাইজে জনোৱা অনুসৰি, কৃষি বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলটোত বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ কোনো জৰীপ চলোৱা নাই ৷ আনকি পোৱা নাই কোনো চৰকাৰী সাহায্য ৷ অঞ্চলটোৰ হেজাৰতকৈও অধিক কৃষকে জীৱিকাৰ মুল পথ বন্ধ হৈ পৰাত সংশয়ৰ মাজেৰে দিন অতিবাহিত কৰিছে ৷ অচিৰেই দুৰ্ভগীয়া কৃষক ৰাইজৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি কৃষকসকলক সহায় কৰাৰ বাবে চৰকাৰ তথা কৃষি বিভাগলৈ আহ্বান জনাইছে ভুক্তভোগী কৃষকসকলে ৷

লগতে পঢ়কঃ হোজাইত মুখ্যমন্ত্ৰীয়ে দাহ কৰিব বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.