আমগুৰি, ৫ অক্টোবৰ : সমাগত শাৰদীয়া দুৰ্গোৎসৱ । ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলিছে । তাৰ মাজতে চৰ্চালৈ আহিছে ৰাজ্যৰ এখন শক্তিপীঠ । জনবিশ্বাস অনুসৰি পূৰ্বতে শক্তিপীঠখনৰ সন্মুখেৰে কোনো লোকে যদি ছাতি মেলি গৈছিল, তেওঁ ছাতি জপাবলৈ বাধ্য হৈছিল । একেদৰে পূৰ্বতে হাতীৰে বৰযাত্ৰী গ'লে, হাতীৰ পিঠিৰ পৰা নামিবলগা হৈছিল দৰা ! এসময়ত আহোম স্বৰ্গদেউ চ্যুকাফাই এই শক্তিপীঠত পূজা অৰ্চনা কৰাৰ লগতে দান-বৰঙণিও আগবঢ়াইছিল । কিন্তু এই শক্তিপীঠৰ নাম কি ? ক'ত আছে প্ৰাক আহোম যুগৰ এই ঐতিহাসিক শক্তিপীঠ ?
ৰামখাপীঠ দেৱালয় কি ?
শিৱসাগৰৰ দিখৌমুখত থকা এই প্ৰাচীন শক্তিপীঠখন হৈছে শ্ৰীশ্ৰী ৰামখাপীঠ দেৱালয় । ইয়াক জাগ্ৰত শক্তিপীঠ বুলি বিশ্বাস কৰা হয় । অসমৰ তিনিখন শক্তিপীঠৰ অন্যতম হৈছে এই ৰামখাপীঠ দেৱালয় । দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত দিখৌমুখ দেওঘৰীয়া গাঁৱত অৱস্থিত প্ৰাক আহোম যুগৰ অন্যতম পীঠস্থান ৰামখাপীঠ দেৱালয় । প্ৰতিবছৰৰ দৰে এই দেৱালয়ত এইবাৰো ৪ দিনীয়াকৈ আয়োজন কৰা হৈছে দুৰ্গা পূজা । প্ৰাচীন শক্তিপীঠ হিচাপে পৰিচিত এই দেৱালয় স্বৰ্গদেও লক্ষ্মীসিংহই পুনৰ প্ৰতিষ্ঠা কৰিছিল ।
ৰামখাপীঠ দেৱালয়ত দুৰ্গা পূজা
জনবিশ্বাস অনুসৰি অসমৰ তিনিখন শক্তিপীঠৰ অন্যতম মা কামাখ্যাৰ পিছতে স্থান লাভ কৰা ৰামখাপীঠ দেৱালয়ত বৈদিক নীতি-নিয়মেৰে পূজা-পাতল কৰা হয় । সম্পূৰ্ণ জাকজমকতা পৰিহাৰ কৰি আধ্যাত্মিকতাৰে পালন কৰা হয় দুৰ্গা পূজা । ইয়াত পূৰ্বৰে পৰা বলি প্ৰথা প্ৰচলিত হৈ আহিছে । ৰামখাপীঠ দেৱালয়ত প্ৰতিবছৰে দুৰ্গা পূজা উলহ-মালহেৰে অনুষ্ঠিত কৰা হয় । সপ্তমী আৰু অষ্টমীত বলি দিয়াৰ পৰম্পৰা অতীতৰে পৰা চলি আহিছে । সাধাৰণতে ইয়াত ছাগলী, হাঁহ, কোমোৰা আৰু কুঁহিয়াৰ বলি দিয়া হয় । এই পীঠত দুৰ্গা দেৱীৰ মৃন্ময় মূৰ্তিৰ পূজা কৰা নহয় । দেৱীৰ বিগ্ৰহক বৈদিক নিয়মেৰে পূজা কৰা হয় । দুৰ্গা পূজাৰ লগতে এই পীঠত শিৱৰাত্ৰী, বাসন্তী পূজা আৰু লক্ষ্মী পূজাও কৰা হয় ।
উল্লেখ্য যে ইতিহাসে ঢুকি পোৱাৰ বহু পূৰ্বৰে পৰা দেৱী দুৰ্গাৰ পূজা অনুষ্ঠিত কৰি অহা হৈছে এই ঐতিহাসিক ৰামখাপীঠ দেৱালয়ত । আধুনিকতাৰ পৰশ এতিয়াও পৰিবলৈ দিয়া নাই এই পীঠৰ পূজাত ৷ বলি বিধানৰ লগতে বৈদিক ৰীতি-নীতিৰে মূৰ্তি পৰিৱৰ্তে দেৱীৰ বিগ্ৰহক পূজা কৰা হয় এই দেৱালয়ত ।
ইতিহাস আৰু জনবিশ্বাস
প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতি হোৱা এই ৰামখাপীঠ দেৱালয় ১৭৬৯ চনৰ পৰা ১৭৭৫ চনৰ ভিতৰত দিখৌমুখত স্বৰ্গদেউ লক্ষ্মী সিংহই পুনৰ প্ৰতিষ্ঠা কৰিছিল । ধৰ্মীয় বিশ্বাস অনুসৰি শিৱৰ পত্নী সতীক বিষ্ণুৰ সুদৰ্শন চক্ৰই ছেদ কৰাত দেৱীৰ দেহৰ পৰা নাভি অংশ এই ৰামখাপীঠত আৰু নাভিৰ তলৰ অংশ কামাখ্যা ধামত পৰিছিল বুলি কোৱা হয় ।
উল্লেখ্য যে হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱৰ পত্নী পাৰ্বতী আছিল দক্ষ ৰজাৰ তনয়া ৷ দক্ষ ৰজাই শিৱৰ ওপৰত কৰা নিন্দা আৰু ককৰ্থনা সহিব নোৱাৰি শিৱৰ পাৰ্বতীয়ে পিতৃ দক্ষ ৰজাৰ যজ্ঞ থলীতেই দেহ ত্যাগ কৰে ৷ আৰাধ্য দেৱতা শিৱই পাৰ্বতীৰ নশ্বৰ দেহ কান্ধত লৈ পৃথিৱী পৰিভ্ৰমণ কৰিছিল । সেই কোপানলৰ পৰা পৃথিৱীক ৰক্ষা কৰাৰ উদ্দেশ্যে বিষ্ণুৱে সুদৰ্শন চক্ৰৰে দেৱীৰ নশ্বৰ দেহ খণ্ড বিখণ্ড কৰিছিল ৷ দেৱীৰ খণ্ডিত অংগসমূহ যি যি স্থানত পৰিছিল পৰৱৰ্তী সময়ত তাতেই একোখনকৈ পীঠ তথা দেৱালয় প্ৰতিষ্ঠা হৈছিল ৷
তথ্য অনুসৰি ১৭৬৯ চনৰ পৰা ১৭৭৫ চনৰ কোনোবা এটা দিনত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহই ৰংপুৰৰ ৰাজ কাৰেঙৰ পৰা ৰূপহী জান হৈ নাৱৰে গৈ থকা অৱস্থাত তেওঁৰ নাওখন দিখৌ মুখৰ দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত ৰৈ যায় । সৈন্য-সামন্তৰ পৰা আৰম্ভ কৰি হাতীৰ দ্বাৰাও বহু চেষ্টা কৰি নাওখন লৰচৰ কৰাব নোৱাৰিলে । অৱশেষত নিশা স্বৰ্গদেউৱে সপোন দেখিলে যে সেই স্থানত সতীৰ বিগ্ৰহ আছে আৰু বিশেষ কোনো এক স্থানৰ পৰা পুৰোহিত আনি পূজা কৰি বিগ্ৰহ প্ৰতিষ্ঠা কৰিলেহে তেওঁ সেই স্থানৰ পৰা যাব পাৰিব । সপোনত দেৱীয়ে দেখুওৱা নিৰ্দেশ মতে সেই বিশেষ স্থানৰ পুৰোহিতক আনি বলি বিধানৰ জৰিয়তে পূজা সম্পন্ন কৰায় ৷ পূজা সম্পন্ন হোৱাৰ পিছত নদীৰ মাজৰ পৰা সতীৰ শিলৰ বিগ্ৰহ উদ্ধাৰ কৰি সেই স্থানত প্ৰতিষ্ঠা কৰে । দেৱীৰ শিলৰ মূৰ্তি উদ্ধাৰ কৰিছিল । স্বৰ্গদেউ লক্ষ্মী সিংহই সেই স্থানত এখন পীঠ নিৰ্মাণ কৰে ।
সেই পীঠখনেই ৰামখাপীঠ হিচাপে জনাজাত হয় । ৰামখাপীঠ দেৱালয় কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য ইতিহাসত উল্লেখ নাই যদিও বুৰঞ্জীবিদসকলে চুতীয়াসকল ইয়াৰ প্ৰতিষ্ঠাতা বুলি ধাৰণা কৰিছে ৷ যিহেতু আহোমসকলৰ অসম আগমনৰ বহু পূৰ্বে দিখৌমুখত এই পীঠ আছিল ৷ তেতিয়া দেৱালয়খনক দেওশাল বুলিহে জনা গৈছিল ৷ যিখন দেওশালত স্বৰ্গদেউ চাওলুং চ্যুকাফাই বলি বিধান দিছিল ৷ যুদ্ধ জয়ৰ পিছত চাওলুং চ্যুকাফাই ৰামখা দেওশালত পূজা দিছিল ৷ আনকি দেওশালৰ উন্নয়নৰ বাবে স্বৰ্গদেউৱে ধন-সোণ পৰ্যন্ত আগবঢ়াইছিল ৷
ইমানেই নহয়, স্বৰ্গদেউ চুতেওফাই এই দেওশাল প্ৰত্যক্ষ কৰি খাজনা ৰেহাই দিছিল ৷ কালক্ৰমত সেই পীঠখন ব্ৰহ্মপুত্ৰ আৰু দিখৌ নদীৰ খহনীয়াত চাৰিবাৰকৈ আন স্থানলৈ স্থানান্তৰ কৰিবলগীয়া হয় । ব্ৰহ্মপুত্ৰৰ বুকুত যেতিয়া এই পীঠখন বিলীন হৈ পৰিছিল তেতিয়া বহু সামগ্ৰী উদ্ধাৰ কৰিব নোৱাৰিলে যদিও শিলত খোদিত কেইটামান মূৰ্তি, বলি দিয়া তিনিখন দা, শিলৰ প্ৰকাণ্ড মন্দিৰৰ টোপ উদ্ধাৰ কৰি এতিয়া দেৱালয়খনত সংৰক্ষণ কৰি ৰখা হৈছে ।
পৰম্পৰা
উল্লেখ্য যে ৰামখাপীঠ দেৱালয় পুনৰ প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা আজি পৰ্যন্ত মাটিগাৰু পৰিয়ালৰ পুৰোহিতে প্ৰতিদিনে পুৱা দেৱীৰ বিগ্ৰহ স্নান কৰাই পূজা কৰি আহিছে । এই পৰম্পৰা ৰজাৰ দিনৰে পৰা চলি আহিছে । দিখৌমুখৰ বৰঠাকুৰ পৰিয়ালে ৰামখাপীঠ দেৱালয়ত পূজা কৰি আহিছে । ৰামখাপীঠত পূজা কৰা মাটিগাৰু বংশৰ প্ৰথমজন পুৰোহিত আছিল জগদানন্দ । এই ৰামখাপীঠ দেৱালয় দিখৌমুখৰ বৰঠাকুৰ, বৰা, বাৰিক, বৰুৱা আৰু লেউজ এই পাঁচটা পৰিয়ালে পৰিচালনা কৰি আহিছে । কিন্তু এই ঐতিহাসিক পীঠখন প্ৰচাৰৰ ক্ষেত্ৰত আন আন পীঠৰ তুলনাত আজিও পিছপৰি আছে ।
চৰকাৰৰ দৃষ্টিভংগী
পূৰ্বৰ তুলনাত ৰামখাপীঠ দেৱালয়ৰ বহু উন্নয়ন হৈছে যদিও পৰ্যটন বিভাগৰ কৰণীয় বহু আছে । যিহেতু মা কামাখ্যাৰ পিছতে ৰামখাপীঠ দেৱালয়ক স্থান দিয়া হয়, সেই অনুক্ৰমে এই দেৱালয়ক পৰ্যটন বিভাগে প্ৰচাৰ-প্ৰসাৰ আৰু সকলো ক্ষেত্ৰতে গুৰুত্ব দিব লাগিছিল । পৰ্যটকৰ সুবিধা হোৱাকৈ যাতায়াত ব্যৱস্থা সুচল কৰি তোলা, পৰ্যটক গৃহ, অতিথিশালাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ উন্নয়ন সাধন কৰিব লাগিছিল যদিও বিভাগটোৰ বাবে ৰামখাপীঠ দেৱালয়ে প্ৰকৃত মৰ্যাদা লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে বুলি বহুতে অভিযোগ কৰিছে ।
লগতে পঢ়ক :৪০০ বছৰীয়া ৰাজ পৰিয়ালৰ পৰম্পৰাৰে দুৰ্গা পূজা - GAURIPUR ROYAL FAMILY DURGA PUJA