গুৱাহাটী, ৪ অক্টোবৰ : অভিনয় আৰু মডেলিঙৰ ক্ষেত্রত আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে ডক্টৰেট ডিগ্রীৰে সম্মানিত হৈছে অসমৰ উদীয়মান তাৰকা পুনম লহকৰ । শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত ৱর্ল্ড পিচ অফ ইউনাইটেড নেশ্যন ইউনিভাৰ্ছিটী বঁটা প্রদান অনুষ্ঠানত তেওঁক এই সম্মান প্রদান কৰা হয় । অনুষ্ঠানত বলীউডৰ অভিনেত্রী শিল্পা শ্বেটীকে ধৰি বহু সমল ব্যক্তি উপস্থিত থাকে ।
মনোৰঞ্জন আৰু ফেশ্বনৰ প্রতিযোগিতামূলক ক্ষেত্ৰখনত পুনম লহকৰৰ বহুমুখী প্রতিভা, দৃঢ়তা আৰু সফলতাৰ ভূয়সী প্রশংসা কৰি অসমকন্যাগৰাকীক উক্ত অনুষ্ঠানত ডক্টৰেট ডিগ্রী প্রদান কৰে অভিনেত্রী শিল্পা শ্বেটীয়ে । ভাৰত চৰকাৰৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্রণালয়ৰ অধীনত দিল্লীত অনুষ্ঠিত হোৱা এইচ ডি এ চিৰ আলোচনাচক্রত প্ৰদান কৰা এই সন্মান অসমৰ বাবে মডেলিং আৰু অভিনয়ৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে ।
ডক্টৰেট ডিগ্রী লাভ কৰাৰ পিছত গুৱাহাটীত এক অনুষ্ঠানত ড° লহকৰে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি কয়, “সৰুৰে পৰা মডেলিং আৰু অভিনয়ত ৰাপ আছিল মোৰ । দশম শ্ৰেণীৰ পৰাই মডেলিং আৰম্ভ কৰিছিলো । তাৰ পিছত আচুৰ্য বৰপাত্ৰ, দীক্ষুৰ গানত অভিনয় কৰাৰ লগতে শ্লেমবুক নামৰ ছবিখনত অভিনয় কৰিলো । তাৰ পিছত ভাবিলো মই দেখোন বাহিৰতো চেষ্টা কৰিব পাৰো ৷ তেনেদৰেই বাহিৰত অডিশ্যন দি বিগত এবছৰ ধৰি দিল্লীত চেলেব্ৰেটী ডিজাইনাৰৰ লগত কাম কৰিবলৈ সুবিধা পালো ।” কিছুসংখ্যক অসমীয়া চিনেমাৰ অফাৰ পাইছে বুলিও মন্তব্য কৰে পুনমে ।
লগতে তেওঁ কয় যে জিম কৰা আৰু খাদ্য বনোৱা তেওঁৰ অন্যতম দুটা প্ৰিয় কাম ৷ লগতে নৃত্য কৰিও সাংঘাতিক ভাল পাই তেওঁ । নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ বহুত কষ্ট কৰে তেওঁ । প্ৰিয় খাদ্যবোৰো নাখাই পুনমে । “মই ভাত একেবাৰে নেখাও । তাৰ সলনি ছালাড, ৰুটি আৰু প্ৰচুৰ পৰিমাণে পানী খাঁও”, এই মন্তব্য লহকৰৰ ৷
লগতে পঢ়ক : বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ অসমৰ পৰিচালক - Busan International Film Festival