ETV Bharat / state

অসমীয়া যুৱকৰ হাতৰ পৰশত প্ৰাণৱন্ত হৈছে দেৱী দুৰ্গা - Durga Puja 2024

Moran Youth Ideal Work : চৰাইদেউৰ ৰাঙলীৰ তৰানী পথাৰৰ মানস প্ৰতিম বৰা এতিয়া সকলোৰে চৰ্চাত । কিয় চৰ্চাত এইগৰাকী যুৱক ?

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Moran Youth Ideal Work
মৰাণৰ যুৱকৰ প্ৰশংসনীয় কৰ্ম (ETV Bharat Assam)

মৰাণ, ৫ অক্টোবৰ : ধৰাৰ বুকুলৈ নামিছে শৰৎ । শুভ্ৰ আঁচল উৰুৱাই ফুলিছে কঁহুৱা । শৰৎ অহাৰ বতৰা লৈ প্ৰকৃতিয়ে সলনি কৰিছে নিজৰ ৰূপ । নিশা নিয়ৰৰ টোপাল সৰিছে, কঁহুৱা ফুলে হাতবাউলি মাতিছে । নৈ, জান-জুৰিৰ পানী শুকাই গৈছে । শান্ত হৈছে প্ৰকৃতি, উৎসৱ উদযাপনৰ বাবে ন-সাঁৰে উদ্ভাসিত হৈ পৰিছে প্ৰকৃতি ।

তাৰ মাজতে কিনকিনিয়া বৰষুণে জীপাল কৰিছে শৰতৰ আঁচোৰলগা পৃথিৱীক । প্ৰকৃতিৰ ৰঙৰ লগে লগে উছৱৰ বাবে সাজু হৈছে সকলো । মা দুৰ্গাৰ বন্দনাৰে মুখৰিত হ'ব ৰাজ্য । কিয়নো শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ।

অসমীযা যুৱকৰ হাতৰ পৰশত প্ৰাণৱন্ত হৈছে দেৱী দুৰ্গা (ETV Bharat Assam)

তাৰ বাবে এতিয়া আটক ধুনীয়া দুৰ্গাৰ প্ৰতিমা আৰু পূজা মণ্ডপ নিৰ্মাণ কৰাত সকলো ব্যস্ত । দৰ্শকক চমক দিবলৈ বিভিন্ন আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপসমূহ ।

কলকাতাৰ লগতে আন বিভিন্ন ৰাজ্যৰ পৰা মৃৎশিল্পী আনি নিৰ্মাণ কৰা হৈছে দুৰ্গা প্ৰতিমা । তেনে সময়তে চৰাইদেউৰ মৰাণৰ এগৰাকী অসমীয়া যুৱকৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মা দুৰ্গা । এতিয়া মৃৎশিল্পীসকলে প্ৰতিমাত হাতৰ অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে ।

শাৰদীয় এই উখল-মাখল সময়ছোৱাৰ মাজতে চৰ্চিত হৈছে চৰাইদেউৰ মৰাণৰ এজন অসমীয়া যুৱকৰ নাম । চৰাইদেউ জিলাৰ মৰাণ ৰাঙলীৰ তৰানী পথাৰৰ যুৱক মানস প্ৰতিম বৰাই নিৰ্মাণত ব্যস্ত হৈ পৰিছে দেৱী প্ৰতিমা । সমাগত দুৰ্গাপূজাৰ বাবে ইতিমধ্যে তিনিখনকৈ পূজা সমিতিৰ দেৱী প্ৰতিমা নিৰ্মাণ কৰিছে তেওঁ । বিগত কেইটামান বছৰৰ পৰা দেৱী প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈছে মানস প্ৰতিম । ইয়াৰ পিছতে যুৱকজন পৰিচিত হৈ পৰে মৃৎশিল্পী হিচাপে ।

যুৱকজনে জানিবলৈ দিয়া অনুসৰি তেওঁৰ এই শিল্পকৰ্মৰ দ্বাৰা বছৰি ভাল এটা উপাৰ্জনৰ পথ উলাইছে । নিজকে সংস্থাপিত কৰিব পাৰিছে বুলিও যুৱকজনে জানিবলৈ দিছে । তেওঁ নৱ-প্ৰজন্মক এই শিল্পকৰ্মৰ প্ৰতি আকৰ্ষিত হ'বলৈও আহ্বান জনায় ।

কিয় চৰ্চা হৈছে মানস প্ৰতিমক লৈ

অসমীয়া যুৱক-যুৱতীয়ে এতিয়া চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ঘূৰি ফুৰিছে । তাৰ ব্যতিক্ৰম এই চৰাইদেউ জিলাৰ মৰাণ ৰাঙলীৰ তৰানী পথাৰৰ যুৱক মানস প্ৰতিম বৰা । অসমীয়াই কৰিব নিবিচৰা মৃৎশিল্পী হিচাপে নিজক নিয়োজিত কৰি দুৰ্গা প্ৰতিমাৰ লগতে আন বহু পূজাৰ প্ৰতিমা নিৰ্মাণ কৰিছে বিগত কেইটামান বছৰত । কলকাতা বা আন ৰাজ্যৰ পৰা আহি নিৰ্মাণ কৰা প্ৰতিমাৰ দৰে উন্নত প্ৰতিমা নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা মানস প্ৰতিম এতিয়া চৰ্চিত এগৰাকী মৃৎশিল্পী ।

আনহাতে, সমাগত শাৰদীয় দুৰ্গাপূজাক লৈ সমগ্র ৰাজ্যৰ লগতে চৰাইদেউ জিলাৰ মৰাণতো দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি চলিছে । মৰাণৰ ঐতিহাসিক শিৱ মন্দিৰ প্ৰাঙ্গণৰ স্থায়ী দুৰ্গা মণ্ডপত প্ৰতিবছৰৰ দৰে এইবাৰো অনুষ্ঠিত হ'ব ৫৯ সংখ্যাক শ্ৰীশ্ৰী সাৰ্বজনীন দুর্গাপূজা । মৰাণৰ লগতে বিভিন্ন অঞ্চলৰ পৰা প্ৰতিদিনাই ১৫ৰ পৰা ১০ হাজাৰ ভক্তপ্ৰাণ ৰাইজ দেৱীমাৰ আশীৰ্বাদ ল'বলৈ আহে এই পূজাস্থলীলৈ । প্রায় ৭০ শতাংশ কাম সম্পূৰ্ণ হৈছে এই পূজা মণ্ডপত ।

উদ্যোক্তাই সকলো চৰকাৰী নীতি-নিৰ্দেশনা মানি উদযাপন কৰিব এইবাৰ দুৰ্গাপূজা । জাকজমকতাৰ পৰা আঁতৰি আধ্যাত্মিক পৰিবেশেৰে শিৱ মন্দিৰ প্ৰাঙ্গণত প্ৰতিবছৰে শ্ৰীশ্ৰী সাৰ্বজনীন দুর্গাপূজা অনুষ্ঠিত হৈ আহিছে ।

লগতে পঢ়ক :৪০০ বছৰীয়া ৰাজ পৰিয়ালৰ পৰম্পৰাৰে দুৰ্গা পূজা - GAURIPUR ROYAL FAMILY DURGA PUJA
লগতে পঢ়ক :এইবাৰ গুৱাহাটীত দুৰ্গা পূজাৰ সময়ত মানিব লাগিব এইসমূহ নিৰ্দেশনা - TRAFFIC REGULATION DURGA PUJA 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.