গুৱাহাটী,11অক্টোবৰঃ প্ৰসংগঃ বুঢ়া কাণ্ড । সমগ্ৰ ৰাজ্য জোঁকাৰি যোৱা দৰঙৰ বুঢ়া আৰক্ষীৰ কাণ্ড ইতিমধ্যেই সকলোৰে জ্ঞাত । তিনি মহিলাই নিৰ্যাতনৰ অভিযোগ আনিছিল বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা আৰু কনিষ্টবল বিনীতা বড়োৰ বিৰুদ্ধে । ইপিনে এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল DIG ব্ৰজেন সিঙক । বৃহস্পতিবাৰে এই সমগ্ৰ ঘটনাৰ তদন্ত সমাপ্ত কৰি আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে তদন্তকাৰী বিষয়াগৰাকীয়ে । কিন্তু এই প্ৰতিবেদনে লৈছে অন্য এক মুৰ । কিয়নো মহিলা কেইগৰাকীয়ে অনা প্ৰায় অভিযোগ মিছা বুলি সন্নিৱিষ্ট হৈছে প্ৰতিবেদনত । প্ৰতিবেদনৰ মতে আৰক্ষীয়ে উলংগ কৰি প্ৰহাৰ কৰা নাছিল মহিলাকেইগৰাকীক । তাৰোপৰি নিৰ্যাতনৰ বলি হৈ ভ্ৰুণ নষ্ট হোৱা নাছিল গৰ্ভৱতী মহিলাৰ । এই প্ৰতিবেদন প্ৰকাশৰ পিছতে ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তিনি নিৰ্যাতিতা মহিলাই ।
এই প্ৰতিবেদনৰ পাচত কি কয় ভ্ৰুণ নষ্ট হোৱা বুলি অভিযোগ তোলা মহিলাগৰাকীয়ে শুণক তেওঁৰ মুখেৰেঃ
ডি আই জিৰ প্ৰতিবেদনৰ পাচত এতিয়া কি বিচাৰে নিৰ্যাতিত মহিলাকেইগৰাকীয়েঃ