ETV Bharat / state

কামপুৰত আৰু গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ

author img

By

Published : Jan 4, 2020, 2:51 PM IST

কামপুৰৰ দাপৰা মাধৱপুৰ গাঁৱত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ। কেবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড । আনহাতে গোলাঘাটৰ বিষ্ণুপুৰৰ সেউজী পাৰতো বন্যহস্তীৰ ত্ৰাস । হাতীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ ।

Elephant Terror at Kampur and Golaghat
কামপুৰত আৰু গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ

বঢ়মপুৰ,4 জানুৱাৰী: ৰাজ্যৰ বহু কেইখন জিলাত বৰ্তমানেও অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ গোলঘাট, গোৱালপাৰাকে ধৰি নগাঁওৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰ পৰা বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে শ-শ ভুক্তভোগী ৰাইজে ৷ নতুন বছৰৰ আৰম্ভণিতে শুকুৰবাৰে নিশা পুনৰ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই নগাঁও জিলাৰ কামপুৰৰ দাপৰা মাধৱপুৰ গাঁৱত ৷ বনৰীয়া হাতীৰ জীকটোৱে নিশা ভাঙি লণ্ড-ভণ্ড কৰে 5 টাকৈ বাসগৃহ ৷ কথমপি প্ৰাণৰক্ষা কেইবাটাও পৰিয়ালৰ ৷ ঘৰ বাৰী হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে কামপুৰৰ এই সকল লোক ৷ উল্লেখ্য যে, বিগত এমাহ ধৰি কামপুৰৰ অঞ্চলত সন্ত্ৰাস চলাই আহিছে হাতীৰ জাকটোৱে ৷ এই বিষয়ে স্থানীয় ৰাইজে বাৰম্বাৰ বনবিভাগক অৱগত কৰাৰ পাছতো হাতীৰ জাকটো খেদাত ব্যৰ্থ হৈছে কামপুৰ বনবিভাগ ৷ উক্ত হাতীৰ দলটোৱে বৰ্তমান অৱস্থান কৰি আছে কেকুৰিবাৰী আৰু ঢিংগাঁও পথাৰৰ মাজত ৷

কামপুৰত বন্যহস্তীৰ তাণ্ডৱ

ইয়াৰ উপৰিও গোলাঘাটৰ বিষ্ণুপুৰৰ সেউজী পাৰতো বন্যহস্তীৰ ত্ৰাস । হাতীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ । কথমপী প্ৰাণ ৰক্ষা কেইবাটাও পৰিয়ালৰ । হাতীৰ জাকে তহিলং কৰে বাৰীৰ খেতি পথাৰ, কলগছ ৷ লগতে ভাঙি লণ্ডভণ্ড কৰে তামোল, নাৰিকল আদি গছ । নিশাটো বাদেই দিনৰ ভাগতে জাক-জাক বন্য হস্তীয়ে খাদ্যৰ সন্ধানত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে । ইফালে হাতীৰ জকটোক খেদিবলৈ খবৰ দিয়াৰ পিছতো হাতী খেদিবলৈ উপস্থিত নহয় বন বিভাগৰ লোক ৷ উল্লেখ্য যে, দীর্ঘদিনে অঞ্চলটোত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷

গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ

Intro:কামপৰৰ দাপৰা মাধৱপুৰ গাঁৱত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ।কেবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড ।

ANCHOR= নগাঁও জিলাৰ কামপুৰৰ দাপৰা মাধৱপুৰ গাঁৱত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ।বনৰীয়া হাতীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে ৫ টা বাসগৃহ।কথমপি প্ৰাণৰক্ষা কেইবাটাও পৰিয়ালৰ।বিগত এমাহ ধৰি হাতীৰ জাকটোৱে কামপুৰৰ অঞ্চলত সন্ত্ৰাস চলাই অহাৰ পাছতো হাতীৰ জাকটো খেদাত ব্যৰ্থ হৈছে কামপুৰ বনবিভাগ।হাতীৰ জাকটোৱে এতিয়াও অৱস্থান কৰি আছে কেকুৰিবাৰী আৰু ঢিংগাঁও পথাৰৰ মাজত।Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.