ৰঙিয়া, 30 অক্টোবৰ : ৰঙিয়াত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ডই ৰাইজৰ চকু কঁপালত তুলিছে ৷ জলসিঞ্চন বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী তথা ৰঙিয়াৰ ভয়ৰাৰ বাসিন্দা ৰজনী ডেকালৈ শক্তি বিভাগে প্ৰেৰণ কৰিছে এক লাখ পোন্ধৰ হাজাৰ টকাৰ বিদ্যুতৰ বিল । পূৰ্বে পৰিয়ালটোৰ মাহেকীয়া বিল 200-400 টকাৰ ভিতৰতহে আহিছিল যদিও হঠাৎ বৃহৎ অংকৰ বিল অহাত হতভম্ব হৈ পৰিছে পৰিয়ালটো ।
ৰজনী ডেকাই জানিবলৈ দিয়া অনুসৰি, তেওঁৰ ঘৰত সামান্য বৈদ্যুতিক সামগ্ৰীহে ব্যৱহাৰ হয় সেয়েহে এই বিল লাভ কৰাৰ পাচতে ভুক্তভোগী পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ কেৱল এই পৰিয়ালটোৱেই নহয়, গাঁওখনৰ বহু পৰিয়ালে পূৰ্বৰ তুলনাত 10-20 গুণ পৰ্যন্ত বেছিকৈ বিল পৰিশোধ কৰিবলগা হোৱাত অঞ্চলটোৰ দৰিদ্ৰ পৰিয়ালবোৰ চিন্তিত হৈ পৰিছে ।